Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 4

যোহন 4:11-21

Help us?
Click on verse(s) to share them!
11সেই মহিলাই তেতিয়া উত্তৰ দিলে, “মহাশয়, আপোনাৰ ওচৰত পানী তুলিবলৈ পাত্ৰ নাই আৰু নাদটোও গভীৰ; তেনেহলে আপুনি ক’ৰ পৰা সেই জীৱনময় পানী পাব?
12আপুনি জানো আমাৰ পিতৃপুৰুষ যাকোবতকৈ মহান? তেওঁ আমাক এই নাদটো দি গ’ল। তেওঁ নিজে এই নাদৰ পানী খাইছিল। তেওঁৰ সন্তান আৰু পশুবোৰেও ইয়াৰ পানী খাইছিল।”
13যীচুৱে উত্তৰ দি তেওঁক ক’লে, “এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব;
14কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।”
15সেই মহিলাই তেওঁক ক’লে, “হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ আহিব নালাগে, এই কাৰণে সেই পানী মোক দিয়ক।”
16যীচুৱে তেওঁক ক’লে, “যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ।”
17সেই মহিলাই উত্তৰ দি তেওঁক ক’লে, “মোৰ স্বামী নাই।” যীচুৱে তেওঁক ক’লে, “তুমি ঠিকেই কৈছা যে তোমাৰ স্বামী নাই।
18কিয়নো তোমাৰ স্বামী পাঁচ জন হৈ গ’ল আৰু এতিয়া যি জন আছে, তেৱোঁ তোমাৰ স্বামী নহয়; সেয়ে তুমি যি কৈছা ই সঠিক!”
19সেই তিৰোতাই যীচুক ক’লে, “মহাশয়, মই দেখিছোঁ, আপুনি এজন ভাৱবাদী।
20আমাৰ পিতৃপুৰুষ সকলে এই পৰ্বতৰ ওপৰত ভজনা কৰিছিল; কিন্তু আপোনালোক ইহুদী সকলে কয় যে যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে ভজনা কৰা উচিত।”
21যীচুৱে তেওঁক ক’লে, “হে নাৰী, মোৰ কথা বিশ্বাস কৰা! এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পর্বতত নাইবা যিৰূচালেমত নকৰিবা।

Read যোহন 4যোহন 4
Compare যোহন 4:11-21যোহন 4:11-21