Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 20

যোহন 20:13-20

Help us?
Click on verse(s) to share them!
13তেতিয়া তেওঁলোকে মৰিয়মক সুধিলে, “হে নাৰী, কিয় কান্দিছা?” তেওঁ ক’লে, “কোনোবাই মোৰ প্ৰভুক নিলে; কিন্তু তেওঁক ক’ত থলে নাজানো।”
14এই কথা কৈ, তেওঁ পাছফাললৈ মূখ ঘূৰাই, যীচুক থিয় হৈ থকা দেখিলে; কিন্তু তেৱেঁই যে যীচু, তেওঁ চিনি নাপালে।
15তেতিয়া যীচুৱে তেওঁক সুধিলে, “হে নাৰী, তুমি কিয় কান্দিছা? কোন জনক নো বিচাৰিছা?” তেতিয়া তেওঁ বাৰীচোৱা বুলি ভাবি তেওঁক ক’লে, “হে মহাশয়, আপুনি যদি তেওঁক এই ঠাইৰ পৰা নিলে, তেনেহলে ক’ত থলে, মোক কওক; মই তাৰ পৰা তেওঁক লৈ যাম।”
16যীচুৱে তেওঁক ক’লে, “অ’, মৰিয়ম৷” তেতিয়া মৰিয়মে মূখ ঘূৰাই ইব্ৰী ভাষাৰে ক’লে “ৰব্বুণি” ইয়াৰ অৰ্থ, ‘হে গুৰু৷’
17যীচুৱে তেওঁক ক’লে, “তুমি মোক নুচুবা, কিয়নো মোৰ পিতৃৰ ওচৰলৈ এতিয়ালৈকে মই উঠা নাই। কিন্তু তুমি মোৰ ভাই সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱাগৈ, যি জন মোৰ পিতৃ আৰু তোমালোকৰো পিতৃ; আৰু মোৰ ঈশ্বৰ আৰু তোমালোকৰো ঈশ্বৰ, তেওঁৰ ওচৰলৈ মই উঠি যাওঁ৷”
18তেতিয়া মগ্দলীনী মৰিয়ম গ’ল আৰু শিষ্য সকলক এই সম্বাদ দিলে যে, “মই প্ৰভুক দেখিলোঁ৷” মৰিয়মে তেওঁলোকক জনালে যে ‘তেৱেঁই মোক এই কথা ক’বলৈ ক’লে’।
19সেইদিনা সন্ধিয়া সময়, এই দিন সপ্তাহৰ প্ৰথম দিন আছিল, শিষ্য সকল এটা ঘৰত গোট খালে৷ তেওঁলোক থকা ঘৰৰ দুৱাৰবোৰ ইহুদী সকলৰ ভয়ত বন্ধ কৰি ল’লে, তেতিয়া যীচুৱে আহি তেওঁলোকৰ মাজত থিয় হৈ ক’লে “তোমালোকৰ শান্তি হওক”।
20এই কথা কোৱাৰ পাছত তেওঁ তেওঁলোকক তেওঁৰ হাত দুখন আৰু কোষ দেখুৱালে। তাতে শিষ্য সকলে প্ৰভুক দেখি আনন্দ কৰিলে।

Read যোহন 20যোহন 20
Compare যোহন 20:13-20যোহন 20:13-20