39তেওঁৰ লগত নীকদীমো আহিছিল, এই জনে প্ৰথম বাৰ ৰাতি যীচুক চাবলৈ তেওঁৰ ওচৰলৈ গৈছিল, তেৱোঁ আহি গন্ধৰস মিহলি কৰা প্ৰায় চৌত্ৰিশ কিলোগ্ৰাম সুগন্ধি আনিলে।
40এইদৰে তেওঁলোকে যীচুৰ দেহ লৈ, ইহুদী সকলৰ মৈদামত থোৱা ৰীতি অনুসৰি সেই সুগন্ধি সানি শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই তেওঁক মৈদামত থলে৷
41আৰু যি ঠাইত যীচুক ক্রুচত দিয়া হৈছিল, সেই ঠাইতে এখন বাগিচা আছিল; সেই বাগিচাতে কেতিয়াও কোনো লোকক নোথোৱা, এনে এটা নতুন মৈদামো আছিল।
42কাৰণ সেইদিনা ইহুদী সকলৰ আয়োজনদিন হোৱাত, সেই মৈদাম ওচৰত থকা কাৰণে, তেওঁলোকে তাতে যীচুক শুৱাই থলে।