15তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।”
16তেতিয়া পীলাতে যীচুক ক্রুচত দিবলৈ, তেওঁলোকৰ হাতত শোধাই দিলে।
17তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচৰ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গ’ল।
18সেই ঠাইতে তেওঁলোকে যীচুক ক্রুচত দিলে৷ তেওঁৰ লগত আন দুজনক মানুহক দুইকাষে ৰাখি যীচুক মাজত ক্রুচত দিলে।
19পীলাতে এখন জাননী লিখি ক্ৰুচত ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, “নাচৰতীয়া যীচু, ইহুদী সকলৰ ৰজা৷”
20এই জাননী ইব্ৰী, ৰোমীয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল; আৰু যীচুক ক্রুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত, ইহুদী সকলৰ বহুলোকে সেই জাননী খন পঢ়িলে।
21এই কাৰণে ইহুদী সকলৰ প্ৰধান পুৰোহিত সকলে পীলাতক ক’লে, “ইহুদী সকলৰ ৰজা” এই কথা নিলিখিব; কিন্তু ‘মই ইহুদী সকলৰ ৰজা, এই বুলি এওঁ কৈছিল’, ইয়াকে লিখক।”
22পীলাতে উত্তৰ দিলে, “মই যি লিখিলোঁ, লিখিলোঁৱেই”।
23পাছত সৈন্য সকলে যীচুক ক্রুচত দিলে, তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি, গাইপতি এভাগ এভাগ ল’লে; আৰু তেওঁৰ চোলাও ল’লে। সেই চোলা সিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল।
24এই কাৰণে তেওঁলোকে পৰস্পৰে ক’লে, “এইটো চোলা আমি ফালি নেপেলাও, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক৷” শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এনে হ’ল৷ “তেওঁলোকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ-বাঁটি ল’লে৷. ইয়াক নাফালি কোনে পাব চিঠি খেলালে৷”
25এতেকে সৈন্য সকলে এইবোৰ কৰ্ম কৰিলে। যীচুৰ ক্ৰুচৰ ওচৰতে তেওঁৰ মাক, মাকৰ ভনীয়েক, ক্লোপাৰ তিৰোতা মৰিয়ম, আৰু মগ্দলীনী মৰিয়ম থিয় হৈ আছিল।
26যেতিয়া যীচুৱে তেওঁৰ মাক আৰু যি শিষ্যক তেওঁ প্ৰেম কৰিছিল, সেই শিষ্য ওচৰত থিয় হৈ থকা দেখিলে, তেতিয়া তেওঁ মাকক ক’লে, “হে নাৰী, চোৱা, তোমাৰ পুত্ৰ”!
27তেতিয়া তেওঁ সেই শিষ্যকো ক’লে, “চোৱা, সৌৱা তোমাৰ মাতৃ”! সেই সময়ৰে পৰা সেই জন শিষ্যই তেওঁক নিজৰ ঘৰলৈ লৈ গ’ল।