Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 21

যিহো 21:25-39

Help us?
Click on verse(s) to share them!
25আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ এই দুখন নগৰ তেওঁলোকক দিলে।
26কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে।
27অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তান সকলক মনচিৰ আধা ফৈদৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে।
28গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ,
29চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়ীন-গন্নীম, এই চাৰিখন নগৰ দিলে।
30আৰু আচেৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন,
31চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।
32আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে।
33নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে।
34পাছত তেওঁলোকে মৰাৰীৰ ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়ালৈ জবূলূন জন-গোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্‌নীয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা,
35চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে।
36ৰূবেণ ফৈদৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ,
37চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে মেফাৎ, এই চাৰিখন নগৰ দিলে।
38আৰু গাদ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷
39মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচবোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে।

Read যিহো 21যিহো 21
Compare যিহো 21:25-39যিহো 21:25-39