Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিহো - যিহো 11

যিহো 11:13-18

Help us?
Click on verse(s) to share them!
13কিন্তু যি যি নগৰ নিজ নিজ পৰ্ব্বতত সঁজা আছিল, ইস্ৰায়েলে হাচোৰৰ বাহিৰে সেইবোৰ পুৰি নেপেলালে; কেৱল এই নগৰখনহে যিহোচূৱাই পুৰিলে।
14ইস্ৰায়েলৰ সৈন্যসকলে সেই নগৰবোৰৰ লুটদ্ৰব্য আৰু পশুধনবোৰ নিজৰ নিজৰ বাবে লুট কৰি ল’লে৷ কিন্তু সকলো নিঃশেষে বিনষ্ট হোৱালৈকে তেওঁ সকলো লোকক তৰোৱালেৰে বধ কৰিলে৷ তেওঁলোকে কোনো লোকক জীয়াই নাৰাখিলে।
15যিহোৱাই নিজৰ দাস মোচিক যেনে আজ্ঞা দিছিল, মোচিয়েও যিহোচূৱাক তেনে আজ্ঞা কৰিছিল৷ আৰু যিহোৱাই মোচিক কাৰ্য কৰিবলৈ দিয়া সকলো আদেশৰ দৰে যিহোচূৱাই কাৰ্য কৰিলে, আৰু এটা কথাও তেওঁ নকৰাকৈ নাথাকিল।
16এইদৰে যিহোচূৱাই সেই গোটেই দেশ ল’লে, তেওঁ পৰ্বতীয়া অঞ্চল, সমস্ত নেভেগ, গোচনৰ সমগ্র অঞ্চল, পৰ্বতমালাৰ পাদদেশ অঞ্চল, যৰ্দ্দন নদীৰ উপত্যকা অঞ্চল, ইস্ৰায়েলৰ পৰ্ব্বতীয়া অঞ্চল, আৰু নিম্নভূমি অঞ্চল দখল কৰিলে।
17চেয়ীৰলৈ বিস্তৃত হোৱা হালক পৰ্ব্বতৰ পৰা যিমান দূৰ সম্ভৱ হৰ্মোণ পৰ্বতৰ উত্তৰ ফালে থকা লিবানোনৰ বাল্গাদ উপত্যকালৈ থকা সকলো ৰাজ্যৰ ৰজাক বন্দী কৰিলে আৰু তেওঁলোকক বধ কৰিলে। সেই ৰজাবোৰক ধৰিলে আৰু আঘাত কৰি বধ কৰিলে।
18যিহোচূৱাই সেই ৰজাসকলৰে সৈতে বহু কাল যুদ্ধ কৰি আছিল।

Read যিহো 11যিহো 11
Compare যিহো 11:13-18যিহো 11:13-18