29“কিয়নো তোমালোকে পবিত্র ওক গছবোৰত আৰাধনা কৰা দেৱতাবোৰৰ বাবে লাজ পাবা, আৰু তোমালোকৰ মনোনীত বাগিছাবোৰৰ বাবে বিভ্রান্ত হ’বা।
30কাৰণ তোমালোক ওক গছৰ শুকান পাতৰ দৰে, আৰু পানী নথকা বাগিছাৰ দৰে হ’বা।
31পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদার্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ’ব; সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নুমাব নোৱাৰিব।