Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যিচ - যিচ 1

যিচ 1:18-24

Help us?
Click on verse(s) to share them!
18যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব।
19তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা।
20কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হ’ব,” কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।
21কিদৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰীসকলৰ দ্বাৰা পৰিপূৰ্ণ।
22তোমালোকৰ ৰূপ বিশুদ্ধলৈ পৰিণত হ’ল, আৰু তোমালোকৰ দ্ৰাক্ষাৰস পানীৰে মিহলোৱা হ’ল।
23তোমালোকৰ শাসনকৰ্তাসকল বিদ্ৰোহী আৰু চোৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকে আগলৈ নানে।
24এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে: “তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজে প্রতিশোধ সাধিম;

Read যিচ 1যিচ 1
Compare যিচ 1:18-24যিচ 1:18-24