15সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাওঁ; এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম; তোমালোকৰ হাত নির্দোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে।
16নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,
17ভাল কৰ্ম কৰিবলৈ শিকা। ন্যায়বিচাৰ বিচাৰা, আৰু নিপীড়িতক সহায় কৰা, পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।”