Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 20

বিচাৰ 20:9-17

Help us?
Click on verse(s) to share them!
9কিন্তু এতিয়া আমি গিবিয়া চহৰৰ প্ৰতি কি কৰিম, তাকেই ভাবিছো, চিঠি খেলৰ দ্বাৰাই বুজি পাম যে ঈশ্বৰে তাৰ বিৰুদ্ধে কি কৰিব।
10আমি বিন্যামীনৰ গিবিয়ালৈ গৈ ইস্ৰায়েলৰ মাজত কৰা আটাই অজ্ঞানতাৰ কাৰ্য অনুসাৰে যেন সিহঁতক প্ৰতিফল দিব পাৰোঁ, ইয়াৰ অর্থে তেওঁলোকে খোৱা বস্তু আনিবলৈ ইস্ৰায়েলৰ ফৈদসকলৰ মাজৰ পৰা এশ লোকলৈ দহজনক আৰু হাজাৰ লোকলৈ এশ জনক আৰু দহ হাজাৰ লোকলৈ এক হাজাৰলোকক আমি লওঁ।”
11এইদৰে ইস্ৰায়েলৰ সৈন্যসকলে একগোট হ’ল আৰু সেই নগৰখনৰ বিপক্ষে এক উদ্দেশ্যেৰেই গোট খালে।
12ইস্ৰায়েলৰ সকলো ফৈদে বিন্যামীন ফৈদৰ সকলো ফালে মানুহ পঠিয়াই এই কথা ক’লে, “তোমালোকৰ মাজত এয়া কি দুষ্কৰ্ম হৈ আছে।
13এই কাৰণে তোমালোকে এই গিবিয়ানিবাসী পাষণ্ডবোৰক শোধাই দিয়া; আমি সিহঁতক বধ কৰি ইস্ৰায়েলৰ পৰা দুষ্টতা দূৰ কৰোঁ।” কিন্তু বিন্যামীনৰ সন্তানসকলে নিজ ভাই ইস্ৰায়েলৰ সন্তানসকলৰ কথা শুনিব নুখুজিলে,
14বৰং ইস্ৰায়েলৰ সন্তানসকলৰ লগত যুদ্ধৰ অৰ্থে ওলাই বিন্যামীনৰ সন্তানসকলে নগৰৰ পৰা আহি গিবিয়াত গোট খালে।
15বিন্যামীন বংশৰ লোকসকলে মুঠ ছাব্বিশ হাজাৰ জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেচ দক্ষতা থকা সৈন্যিক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়ানিবাসীৰ পৰা সাতশ নিপুণ সৈন্য পালে।
16ইয়াৰ উপৰিও তেওঁলোকে সাতশ প্রশিক্ষণপ্রাপ্ত সৈন্য পাইছিল। এইলোক সকল বাওঁহতীয়া আছিল; তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিঙ্গাৰ শিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্যভ্রষ্ট হোৱা নাছিল।
17বিন্যামীনৰ বাহিৰে ইস্ৰায়েলৰ তৰোৱাল ধৰা লোক লেখত চাৰি লাখ হ’ল, সেই সকলো লোক যুদ্ধাৰু আছিল। তেওঁলোক প্রশিক্ষণ প্রাপ্ত আছিল।

Read বিচাৰ 20বিচাৰ 20
Compare বিচাৰ 20:9-17বিচাৰ 20:9-17