Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 20

বিচাৰ 20:16-26

Help us?
Click on verse(s) to share them!
16ইয়াৰ উপৰিও তেওঁলোকে সাতশ প্রশিক্ষণপ্রাপ্ত সৈন্য পাইছিল। এইলোক সকল বাওঁহতীয়া আছিল; তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিঙ্গাৰ শিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্যভ্রষ্ট হোৱা নাছিল।
17বিন্যামীনৰ বাহিৰে ইস্ৰায়েলৰ তৰোৱাল ধৰা লোক লেখত চাৰি লাখ হ’ল, সেই সকলো লোক যুদ্ধাৰু আছিল। তেওঁলোক প্রশিক্ষণ প্রাপ্ত আছিল।
18পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”
19পাছদিনা পুৱাতে ইস্ৰায়েলৰ সন্তানসকলে উঠি গিবিয়াৰ বিৰুদ্ধে ছাউনি পাতিলে।
20আৰু ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনেৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই গৈ, গিবিয়াৰ ওচৰত সিহঁতৰ বিৰুদ্ধে সৈন্যৰ চাউনি পাতিলে;
21তাতে বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহিল আৰু সেইদিনা ইস্ৰায়েলৰ মাজৰ বাইশ হাজাৰলোকক সংহাৰ কৰিলে।
22পাছত ইস্ৰায়েলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল, তেওঁলোকে প্ৰথম দিনা যি ঠাইত সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে।
23ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!”
24এইবাৰ ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ সৈন্যসকলৰ ওচৰ আহি পালে। এইদিনটো আছিল যুদ্ধৰ দ্বিতীয় দিন।
25বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহি দ্বিতীয় দিনা পুনৰাই ইস্ৰায়েলৰ সৈন্যসকলক আক্রমণ কৰি ওঠৰ হাজাৰ লোকক হত্যা কৰিলে; এই সকলো ইস্ৰায়েলী সৈন্যসকল প্ৰশিক্ষণ প্ৰাপ্ত আছিল।
26তেতিয়া ইস্ৰায়েলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈৎএললৈ উঠি গ’ল আৰু সেই ঠাইতে যিহোৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেই দিনা সন্ধিয়ালৈকে লঘোনে থাকিল আৰু যিহোৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে।

Read বিচাৰ 20বিচাৰ 20
Compare বিচাৰ 20:16-26বিচাৰ 20:16-26