Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - বিচাৰ - বিচাৰ 11

বিচাৰ 11:19-24

Help us?
Click on verse(s) to share them!
19তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইমোৰীয়াসকলৰ ৰজা চীহোন, যিজনে হিচবোনত ৰাজত্ব কৰিছিল, তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে “অনুগ্রহ কৰি আপোনালোকৰ দেশৰ মাজেদি আমাক আমি যাব লগা ঠাইলৈ যাব দিয়ক।”
20কিন্তু চীহোনেও তেওঁলোকক বিশ্বাস নকৰিলে আৰু নিজৰ অঞ্চলৰ মাজেদি যোৱাৰ অনুমতি নিদিলে। তেওঁ নিজৰ সৈন্যসকলক গোট খুৱাই যহচত ছাউনি পাতিলে আৰু তাত ইস্ৰায়েলী লোকসকলৰ সৈতে যুদ্ধ কৰিলে।
21তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চীহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।
22তেওঁলোকে অৰ্ণোনৰ পৰা যব্বোক পর্যন্ত আৰু মৰুপ্রান্তৰ পৰা যৰ্দ্দনলৈকে ইমোৰীয়াসকলৰ সীমাৰ ভিতৰৰ সমগ্র অঞ্চল অধিকাৰ কৰিলে।
23এইদৰে ইস্ৰায়েল জাতিৰ ঈশ্বৰ যিহোৱাই যেতিয়া নিজে ইস্ৰায়েলৰ সন্মুখত ইমোৰীয়াসকলক খেদাই পঠালে, তেন্তে এতিয়া সেই লোকসকলৰ ভূমি জানো আপুনি অধিকাৰ কৰা উচিত?
24আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।

Read বিচাৰ 11বিচাৰ 11
Compare বিচাৰ 11:19-24বিচাৰ 11:19-24