2মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব। আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস, আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।
3তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।
4হে যিৰূচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা।
5যিৰূচালেমৰ ৰমণীসকলৰ কথা: নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? প্রিয়াৰ কথা: যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
6মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
7জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।
8যুৱতীৰ ককায়েকসকলৰ কথা; আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
9তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম।