5তোমাৰ ওপৰত থকা মূৰটো কৰ্মিল পাহাৰৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলিকোছা ঘন বেঙেনা বৰণীয়া; সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে।
6হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ!
7তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা, বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক।
8মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।” তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক, তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক;
9তোমাৰ মূখৰ চুমা মোৰ বাবে সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা। সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক।
10প্রিয়াৰ কথা: মই মোৰ প্ৰিয়ৰ, আৰু তেওঁৰ বাঞ্ছা মোলৈ;
11হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁবোৰত গৈ থাকোঁগৈ।