5মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ; মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল, তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিয়েদি দুৱাৰৰ শলখাডালো ভিজি গ’ল।
6মোৰ প্ৰিয়ৰ কাৰণে মই দুৱাৰখন খুলি দিলোঁ; কিন্তু মোৰ প্ৰিয় নাছিল, উলটি গুচি গল; মোৰ হৃদয় ভাঙি পৰিল, মই হতাশাত ভাগি পৰিলো। মই তেওঁক বিচাৰি ফুৰিলোঁ, কিন্তু নাপালোঁ; মই তেওঁক মাতিলো, কিন্তু তেওঁ মোক উত্তৰ নিদিলে।
7প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে; তেওঁলোকে মোক কোবালে, মোক ক্ষতবিক্ষত কৰিলে; নগৰৰ দেৱালৰ প্ৰহৰীবোৰে মোৰ গাৰ পৰা মোৰ চোলা কাঢ়ি নিলে।
8হে যিৰূচালেমৰ ৰমণীসকল, মই তোমালোকৰ ওচৰত নিবেদন কৰিছোঁ, তোমালোকে যদি মোৰ প্ৰিয়তমক লগ পোৱা, তেন্তে তেওঁক কবা যে, মই তেওঁৰ প্রতি প্ৰেমত দুর্বল হৈছোঁ।