3“মোৰ বস্ত্র মই খুলি থলোঁ, তাক মই পুনৰ পিন্ধিম নে? মোৰ ভৰি দুখন মই ধুলোঁ, তাক মই পুনৰ মলিন কৰিম নে?”
4মোৰ প্ৰিয়ই দুৱাৰৰ বিন্ধাইদি হাত ভৰালে, মোৰ মন তেওঁৰ বাবে ব্যাকুল হ’ল।
5মোৰ প্ৰিয়ক দুৱাৰ খুলি দিবলৈ মই উঠিলোঁ; মোৰ হাত দুখন গন্ধৰসেৰে ভিজি আছিল, তৰল গন্ধৰসেৰে ভিজা মোৰ আঙুলিয়েদি দুৱাৰৰ শলখাডালো ভিজি গ’ল।