15ৰমণীসকলৰ প্রতি উক্তি: তোমালোকে সেই শিয়ালবোৰক, সৰু সৰু শিয়ালবোৰক ধৰা, কাৰণ সিহঁতে আমাৰ দ্ৰাক্ষাবাৰীবোৰ নষ্ট কৰে। আমাৰ দ্রাক্ষাবাৰীত ফুল ফুলিছে।
16প্রিয়াৰ কথা: মোৰ প্ৰিয় মোৰেই আৰু মই তেওঁৰেই; তেওঁ লিলি ফুলৰ মাজত চৰে।
17হে মোৰ প্ৰিয়, তুমি গুছি যোৱা, অন্ধকাৰৰ ছাঁয়াবোৰ বিলীন হোৱাৰ আগেয়ে আৰু পুৱতি নিশাৰ কোমল বতাহ বলাৰ আগেয়ে তুমি গুছি যোৱা। তুমি কৃষ্ণসাৰ বা যুৱা হৰিণৰ দৰে সুউচ্চ পাহাৰলৈ ঘূৰি যোৱা।