Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 7

পাঁচনি 7:2-10

Help us?
Click on verse(s) to share them!
2স্তিফানে ক’লে- “হে ভাই সকল আৰু পিতৃ সকল, মোৰ কথা শুনক। আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম হাৰোণত বসবাস কৰাৰ আগেয়ে যেতিয়া মেচোপতেমিয়াত আছিল, সেই সময়ত গৌৰৱময় ঈশ্বৰে তেওঁক দেখা দি ক’লে-
3“তুমি তোমাৰ দেশ আৰু জ্ঞাতি-কুটুম্বক এৰি, মই যি দেশ তোমাক দেখুৱাম, সেই দেশলৈ যোৱা।”
4তেতিয়া তেওঁ কলদিয়া সকলৰ দেশ এৰি হাৰোণ নগৰলৈ আহি বসতি কৰিলে। পাছত তেওঁৰ পিতৃৰ মৃত্যু হোৱাত আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে সেই ঠাইৰ পৰা তেওঁক আনিলে।
5নিজৰ অধিকাৰৰ কাৰণে ঈশ্বৰে তেওঁক একোকে নিদিলে; এনে কি এখোজ মাটিও নিদিলে। কিন্তু তেওঁক আৰু তেওঁৰ ভাবীবংশৰ অধিকাৰৰ অর্থে ঈশ্বৰে এই দেশ দিব বুলি প্ৰতিজ্ঞা কৰিলে; যদিও অব্ৰাহামৰ সেই সময়লৈকে কোনো সন্তান নাছিল।
6ঈশ্বৰে তেওঁক এইদৰে কৈছিল, “তোমাৰ বংশধৰ সকলে বিদেশত প্রৱাস কৰিব৷ সেই দেশৰ মানুহে তেওঁলোকক চাৰি শ বছৰ ধৰি দাসত্বৰ বন্ধনত ৰাখিব আৰু অত্যাচাৰ কৰিব।”
7ঈশ্বৰে ইয়াকো কলে, “তেওঁলোকে যি জাতিৰ দাসত্ব খাটিব, মই সেই জাতিৰ সোধ-বিচাৰ কৰিম; তাৰ পাছত তেওঁলোকে ওলাই আহি এই ঠাইতে মোৰ সেৱা উপাসনা কৰিব।”
8ইয়াৰ পাছত ঈশ্বৰে অব্রাহামক চুন্নৎ কৰাৰ বিধান দিলে। সেয়েহে, অব্রাহামে নিজৰ পুত্র ইচহাক জন্ম হোৱাত, আঠ দিনৰ দিনা তেওঁৰ চুন্নৎ কৰালে। পাছত ইচহাকৰ পুত্র যাকোব আৰু যাকোবৰ পুত্ৰ বাৰ জন গোষ্ঠীৰ পিতৃকুল হ’ল।
9পাছত সেই পিতৃকুল সকল যোচেফৰ প্রতি ঈর্ষান্বিত হৈ তেওঁক মিচৰ দেশলৈ বেচিলে, কিন্তু ঈশ্বৰ তেওঁৰ সঙ্গী আছিল।
10সকলো ক্লেশৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰি তেওঁক মিচৰ দেশৰ ৰজা ফৌৰণেৰ সাক্ষাতে অনুগ্ৰহ আৰু জ্ঞান দান কৰিলে। তাতে ফৰৌণে তেওঁক মিচৰ দেশৰ আৰু নিজ গৃহৰ অধিকাৰী পাতিলে।

Read পাঁচনি 7পাঁচনি 7
Compare পাঁচনি 7:2-10পাঁচনি 7:2-10