3এই কাৰণে হে ভাই সকল, আপোনালোকে নিজৰ মাজৰ পৰা সাত জন সুখ্যাতি সম্পন্ন আৰু পবিত্ৰ আত্মাৰে পৰিপূর্ণ, জ্ঞানী লোকক বাছি লওঁক। আমি তেওঁলোকৰ ওপৰত এই কামৰ ভাৰ দিম।
4ইয়াৰ পাছত আমি প্ৰাৰ্থনা আৰু ঈশ্বৰৰ বাক্যৰ পৰিচর্যাত সদায় লাগি থাকিব পাৰিম।”
5তেওঁলোকৰ এই প্রস্তাৱ শুনি সকলোৱে সন্তোষ পালে অাৰু তেওঁলোকে তেতিয়া এই লোক সকলক মনোনীত কৰিলে - স্তিফান, তেওঁ বিশ্বাসী আৰু পবিত্ৰ আত্মাৰে পূর্ণ আছিল; ফিলিপ, প্ৰখৰ, নিকানৰ, তীমোন, পার্মিনা আৰু আন্তিয়খিয়াৰ নিকলায় এই ব্যক্তি জনে ইহুদী ধৰ্ম গ্রহণ কৰিছিল।
6বিশ্বাসী সকলে এই সাত জন লোকক পাঁচনি সকলৰ আগলৈ আনিলে আৰু পাঁচনি সকলে প্ৰাৰ্থনা কৰি তেওঁলোকৰ ওপৰত হাত দিলে।
7তাৰ পাছত ঈশ্বৰৰ বাক্য চৌদিশে বিয়পি গল আৰু শিষ্য সকলৰ সংখ্যা যিৰূচালেমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। ইয়াৰ উপৰি ইহুদী পুৰোহিত সকলৰ মাজৰ অনেকে খ্ৰীষ্টীয় বিশ্বাসৰ অনুগামী হৈ শৰণ ললে।
8স্তিফানে ঈশ্বৰৰ অনুগ্ৰহ আৰু শক্তিৰে পৰিপূর্ণ হৈ লোক সকলৰ মাজত বহু অলৌকিক আৰু আচৰিত কার্য কৰিবলৈ ধৰিলে।