Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 21

পাঁচনি 21:16-39

Help us?
Click on verse(s) to share them!
16তাতে চীজাৰিয়াৰ পৰাও কিছুমান শিষ্য আমাৰ লগত আহিল৷ ম্লাচোন নামেৰে কুপ্র দ্বীপৰ তেওঁৰ যি পুৰণি শিষ্যৰ ঘৰত আমি আলহী হৈ থকাৰ কথা আছিল, তেওঁকো লগত লৈ অহা হ’ল।
17আমি যিৰূচালেম পোৱাত, ভাই সকলে আনন্দেৰে আমাক গ্ৰহণ কৰিলে।
18পাছদিনা পৌল আমাৰ সৈতে যাকোবৰ তাত সোমোৱাত পৰিচাৰক সকলো তাত উপস্থিত হ’ল।
19পাছত তেওঁ তেওঁলোকক মঙ্গলবাদ কৰিলে আৰু ঈশ্বৰে তেওঁৰ পৰিচর্যাৰ দ্বাৰাই অনা-ইহুদী লোকৰ মাজত যি যি কৰিলে; সেই বিষয়ে এটা এটাকৈ বর্ণনা কৰিলে৷
20এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক কলে, “হে ভাই, তুমি জানা যে, ইহুদী লোকৰ মাজত বিশ্বাস কৰা সকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী।
21কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, অনা-ইহুদী সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।
22এতেকে কি হব? তুমি আহিলা বুলিও তেওঁলোকে অৱশ্যে শুনিছে।
23এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা; সঙ্কল্প কৰা আমাৰ চাৰি জন মানুহ আছে;
24তেওঁলোকৰ লগত একেলগে নিজকে শুচি কৰা আৰু তেওঁলোকৰ মূৰ খূৰাবলৈ তুমি খৰচ দিয়া। এই বিষয়ে যি সম্বাদ পালে, সেয়ে যে একো নহয়, আৰু তুমি যে নিজে বিধান পালন কৰি নিয়মিতৰূপে আচৰণ কৰি চলিছা, সেই বিষয়ে সকলোৱে জানিব।
25কিন্তু অনা-ইহুদী সকলৰ মাজত বিশ্বাস কৰা সকলৰ বিষয়ে হলে, তেওঁলোকে মূৰ্তিক দিয়া প্ৰসাদ, টেটু-চেপা দি মৰা জন্তুৰ মাংস আৰু তেজ খোৱা আৰু ব্যভিচাৰৰ পৰা নিজকে ৰাখিবলৈ আমি নিশ্চয় কৰি নিৰ্দেশনা লিখি পঠালোঁ।”
26তেতিয়া পৌলে সেই মানুহকেইজনক লৈ পাছদিনা মন্দিৰত সোমাল আৰু তেওঁলোকৰ প্ৰতিজনৰ কাৰণে নৈৱেদ্য উ‌‌ৎসৰ্গ হোৱালৈকে, শুচি কৰা কার্যত কিমান দিন লাগিব, সেই বিষয়ে জনালে।
27কিন্তু সেই সাত দিন প্ৰায় শেষ হলত, এচিয়া দেশৰ ইহুদী সকলে তেওঁক মন্দিৰত দেখি, গোটেই লোক সকলক উচতাই, তেওঁক ধৰি ৰিঙিয়াই কলে,
28“হে ইস্ৰায়েলৰ সন্তান সকল, সহায় কৰা; যি মানুহে আমাৰ জাতিৰ বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে, এই জনেই তেওঁ। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি, এই পবিত্ৰ ঠাই অপবিত্ৰ কৰিলে।”
29কিয়নো তেওঁলোকে আগেয়ে ত্ৰফিম নামেৰে ইফিচীয়া এজনক নগৰৰ মাজত পৌলৰ লগত দেখিছিল; আৰু তেওঁ তাক মন্দিৰৰ ভিতৰলৈ আনিছিল বুলি তেওঁলোকে ভাবিছিল।
30তাতে গোটেই নগৰ অস্থিৰ হোৱাত, মানুহবোৰ লৰি আহি পৌলক ধৰি মন্দিৰৰ পৰা বাহিৰলৈ টানি লৈ গল আৰু তেতিয়াই দুৱাৰবোৰ বন্ধ কৰা হল।
31এইদৰেই তেওঁলোকে তেওঁক বধ কৰিবলৈ যত্ন কৰোঁতেই, যিৰূচালেমৰ গোটেইখনত হুলস্থুল লগাৰ কথা সৈন্য দলৰ হাজাৰৰ সেনাপতিয়ে শুনিলে,
32তেতিয়াই তেওঁ সেনাবোৰৰ সৈতে এশৰ সেনাপতিবিলাকক লগত লৈ তেওঁলোকৰ ওচৰলৈ বেগাই আহিল। তাতে তেওঁলোকে হাজাৰৰ সেনাপতি আৰু সেনাবোৰক দেখি, পৌলক কোবাবলৈ এৰিলে।
33পাছত হাজাৰৰ সেনাপতিয়ে ওচৰলৈ আহি, তেওঁক ধৰি, দুডাল শিকলিৰে বান্ধিবলৈ আজ্ঞা দিলে; পাছত সুধিলে- “এইটো কোন আৰু কি নো কৰিলে।”
34তাতে লোক সকলৰ মাজত বেলেগ বেলেগ মানুহে বেলেগ বেলেগ কথাৰে ৰিঙিয়া-ৰিঙি কৰাত, কোলাহলৰ কাৰণে তেওঁ একো নিশ্চয় কৰিব নোৱাৰি, পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে।
35পাছত জখলাত উঠোতে, লোক সকলৰ উগ্ৰতাৰ কাৰণে, সেনাবোৰৰ দ্বাৰাই তেওঁক দাঙি নিয়া হল;
36কিয়নো লোক সকলে পাছে পাছে গৈ ৰিঙিয়াই ৰিঙিয়াই কলে, “তাক দূৰ কৰক”।
37পাছত পৌলক দুর্গৰ ভিতৰলৈ নিবলৈ ধৰোতেই, তেওঁ হাজাৰৰ সেনাপতিক কলে, “আপোনাৰ আগত মই কিছু কথা কবলৈ পাৰোঁ নে?” তেতিয়া সেনাপতিয়ে সুধিলে, “তুমি গ্ৰীক ভাষা কব জানা নে?
38যি জন মিচৰীয়াই ইয়াৰ আগেয়ে ঘাতক সকলৰ মাজৰ চাৰি হাজাৰ মানুহক উচতাই লগত লৈ অৰণ্যলৈ গৈছিল, তুমি সেই জন নোহোৱা নে?”
39কিন্তু পৌলে কলে, “মই কিলিকিয়া দেশৰ তাৰ্চ নগৰৰ যিহুদী মানুহ, সামান্য মানুহ নহওঁ। বিনয় কৰোঁ, মানুহবোৰৰ আগত কথা কবলৈ মোক অনুমতি দিয়ক।”

Read পাঁচনি 21পাঁচনি 21
Compare পাঁচনি 21:16-39পাঁচনি 21:16-39