Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 1

পাঁচনি 1:1-8

Help us?
Click on verse(s) to share them!
1হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলোঁ।
2পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে৷
3ক্রুচীয়‍ মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্রমাণ দিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে।
4এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা।
5যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হব।”
6পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্ৰায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?”
7তেতিয়া তেওঁলোকক তেওঁ ক’লে, “যি কাল আৰু সময় পিতৃয়ে নিজৰ ক্ষমতাৰ অধীনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা।
8কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।”

Read পাঁচনি 1পাঁচনি 1
Compare পাঁচনি 1:1-8পাঁচনি 1:1-8