2পৌল আৰু বার্ণব্বাই এই শিক্ষাৰ বিৰোধিতা কৰিলে আৰু তেওঁলোকৰ মাজত তর্ক-বিতর্ক হ’ল। পাছত ভাই সকলে সিদ্ধান্ত ললে যে, এই বিষয়ৰ মীমাংসাৰ কাৰণে পৌল, বার্ণব্বা আৰু আন কেইজনমান যিৰূচালেমত থকা পাঁচনি আৰু পৰিচাৰক সকলৰ ওচৰলৈ যাওঁক।
3এই সিদ্ধান্তৰে মণ্ডলীয়ে তেওঁলোকক যিৰূচালেমলৈ পঠাই দিলে। তেওঁলোকে ফৈনীকিয়া আৰু চমৰীয়া দেশৰ মাজেদি গ’ল আৰু অনা-ইহুদী সকল যে খ্রীষ্ট বিশ্বাসী হৈছে, সেই বিষয়ে ঘোষণা কৰিলে। এনেদৰে তেওঁলোকে বিশ্বাসী ভাই সকলক অতি আনন্দিত কৰিলে
4পাছত তেওঁলোক যেতিয়া যিৰূচালেম পায়হি, তেতিয়া মণ্ডলী, পাঁচনি আৰু পৰিচাৰক সকলে তেওঁলোকক আদৰণি জনালে। ঈশ্বৰে তেওঁলোকৰ লগত থাকি যি যি কৰিলে, সেই বিষয়ে তেওঁলোকে সকলো কথা জনালে।
5কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”
6পাছত পাঁচনি আৰু পৰিচাৰক সকলে এই বিষয়ে আলোচনা কৰিবলৈ একগোট হ’ল।
7বহু সময় ধৰি হোৱা তর্ক-বিতর্কৰ পাছত পিতৰে উঠি তেওঁলোকক ক’লে, “ভাই সকল আপোনালোকে জানে যে, অনেক দিনৰ আগেয়ে ঈশ্বৰে আপোনালোকৰ মাজত মোক মনোনীত কৰিছিল যেন অনা-ইহুদী লোকে মোৰ মুখেৰে শুভবার্তাৰ বাক্য শুনি বিশ্বাস কৰে৷
8ঈশ্বৰে সকলোৰে হৃদয় জানে। তেওঁ আমাক যেনেকৈ পবিত্র আত্মা দান কৰিছিল, অনা-ইহুদী সকলকো সেইদৰে পবিত্ৰ আত্মা দান কৰি তেওঁলোকলৈ সাক্ষ্য দিছিল।
9আমাৰ আৰু তেওঁলোকৰ মাজত ঈশ্বৰে বিবেচনা কৰি একো পক্ষপাত নকৰিলে, বৰঞ্চ বিশ্বাস কৰাৰ পাছত তেওঁলোকৰ হৃদয় ঈশ্বৰে শুচি কৰিলে।
10গতিকে, আমাৰ পিতৃপুৰুষ আৰু আমি যি যুৱঁলিৰ বোজা বব পৰা নাই, সেই বোজা অনা-ইহুদী শিষ্য সকলৰ কান্ধত তুলি দি এতিয়া আপোনালোকে কিয় ঈশ্বৰৰ পৰীক্ষা কৰিছে?