Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 11

পাঁচনি 11:26-30

Help us?
Click on verse(s) to share them!
26আৰু তেওঁক পাই আন্তিয়খিয়ালৈ লৈ আহিল৷ তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে৷ এই আন্তিয়খিয়া নগৰতেই শিষ্য সকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ’ল৷
27সেই সময়ত কিছুমান ভাববাদী যিৰূচালেমৰ পৰা আন্তিয়খিয়ালৈ আহিল৷
28আৰু তেওঁলোকৰ মাজৰ আগাব নামেৰে এজনে উঠি, আত্মাৰ দ্বাৰাই চালিত হৈ জনালে যে, গোটেই পৃথিৱীত বৰ আকাল হ’ব আৰু ক্লৌদিয়ৰ দিনত সেয়ে ঘটিব৷
29তাতে শিষ্য সকলৰ প্ৰতিজনে শক্তি অনুসাৰে, যিহুদীয়াত নিবাস কৰা ভাই সকলৰ পৰিচৰ্যাৰ কাৰণে সহায় পঠিয়াবলৈ সিদ্ধান্ত ললে৷
30পাছত সেইদৰে কাৰ্য কৰি, বাৰ্ণব্বা আৰু চৌলৰ হাতত পৰিচাৰক সকললৈ ধন পঠিয়াই দিলে৷

Read পাঁচনি 11পাঁচনি 11
Compare পাঁচনি 11:26-30পাঁচনি 11:26-30