Text copied!
Bibles in Assamese

গননা 26:2-9 in Assamese

Help us?

গননা 26:2-9 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 “তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে, তেওঁলোকক গণনা কৰা।”
3 তেতিয়া মোচি আৰু ইলিয়াজৰ পুৰোহিতে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত লোকসকলক ক’লে,
4 “মোচিক, আৰু মিচৰ দেশৰ পৰা ওলাই অহা ইস্ৰায়েলৰ সন্তান সকলক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা।”
5 ৰূবেণ ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁৰ পুত্র হনোকৰ পৰা হনোকীয়া গোষ্ঠী, পল্লুৰ পৰা পল্লূইয়া গোষ্ঠী,
6 হিষ্রোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, কৰ্ম্মীয়াৰ পৰা কৰ্ম্মীয়া গোষ্ঠী।
7 এই সকলোৱেই ৰূবেণৰ গোষ্ঠী; তেওঁলোকৰ মাজৰ গণিত লোক তিয়াল্লিশ হাজাৰ সাতশ ত্ৰিশজন আছিল।
8 আৰু পল্লুৰ সন্তান ইলিয়াব আছিল; ইলিয়াবৰ সন্তান সকল নমূৱেল, দাথন, আৰু অবীয়াম আছিল।
9 কোৰহৰ দলে যেতিয়া যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰিছিল, তেতিয়া মোচি আৰু হাৰোণৰ অহিতে বিবাদ কৰা মণ্ডলীভূক্ত লোক সেই দাথন আৰু অবীৰামেই আছিল।
গননা 26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019