Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 26

গননা 26:2-9

Help us?
Click on verse(s) to share them!
2“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ মাজত নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ কাৰণে ৰণলৈ যাব পৰা অৱস্থাত থকা বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া যিমান লোক আছে, তেওঁলোকক গণনা কৰা।”
3তেতিয়া মোচি আৰু ইলিয়াজৰ পুৰোহিতে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ ওচৰত মোৱাবৰ সমথলত লোকসকলক ক’লে,
4“মোচিক, আৰু মিচৰ দেশৰ পৰা ওলাই অহা ইস্ৰায়েলৰ সন্তান সকলক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, বিশ বছৰ বয়সীয়া আৰু তাতকৈ অধিক বয়সীয়া লোকক গণনা কৰা।”
5ৰূবেণ ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁৰ পুত্র হনোকৰ পৰা হনোকীয়া গোষ্ঠী, পল্লুৰ পৰা পল্লূইয়া গোষ্ঠী,
6হিষ্রোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, কৰ্ম্মীয়াৰ পৰা কৰ্ম্মীয়া গোষ্ঠী।
7এই সকলোৱেই ৰূবেণৰ গোষ্ঠী; তেওঁলোকৰ মাজৰ গণিত লোক তিয়াল্লিশ হাজাৰ সাতশ ত্ৰিশজন আছিল।
8আৰু পল্লুৰ সন্তান ইলিয়াব আছিল; ইলিয়াবৰ সন্তান সকল নমূৱেল, দাথন, আৰু অবীয়াম আছিল।
9কোৰহৰ দলে যেতিয়া যিহোৱাৰ বিৰুদ্ধে বিবাদ কৰিছিল, তেতিয়া মোচি আৰু হাৰোণৰ অহিতে বিবাদ কৰা মণ্ডলীভূক্ত লোক সেই দাথন আৰু অবীৰামেই আছিল।

Read গননা 26গননা 26
Compare গননা 26:2-9গননা 26:2-9