Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 26

গননা 26:15-28

Help us?
Click on verse(s) to share them!
15নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান: চফোনৰ পৰা চফোনীয়া গোষ্ঠী, হগ্গীয়াৰ পৰা হগ্গীয়া গোষ্ঠী, চূনীৰ পৰা চূনীয়া গোষ্ঠী,
16অজনী পৰা অজনীয়া গোষ্ঠী, এৰীৰ পৰা এৰীয়া গোষ্ঠী,
17অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী, অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী।
18গাদৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।
19যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল।
20নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহূদাৰ সন্তান: চেলাৰ পৰা চেলানীয়া গোষ্ঠী, পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী, জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী।
21পেৰচৰ সন্তান এইসকল: হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, হামূলৰ পৰা হামূলীয়া গোষ্ঠী।
22যিহূদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।
23নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল ইচাখৰৰ সন্তান: তোলাৰ পৰা তোলাইয়া গোষ্ঠী, পুব্বাৰ পৰা পুনীয়া গোষ্ঠী,
24যাচূবৰ পৰা যাচূবীয়া গোষ্ঠী, চিম্ৰোণৰ পৰা চিম্ৰোণীয়া গোষ্ঠী।
25ইচাখৰৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চৌষষ্ঠী হাজাৰ তিনিশ লোক আছিল।
26নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল জবূলূনৰ সন্তান: চেৰদৰ পৰা চেৰদীয়া গোষ্ঠী, এলোনৰ পৰা এলোনীয়া গোষ্ঠী, যহলেলৰ পৰা যহলেলীয়া গোষ্ঠী।
27জবূলূনৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ষাঠী হাজাৰ পাঁচশ লোক আছিল।
28নিজ নিজ গোষ্ঠী অনুসাৰে যোচেফৰ পুত্ৰ মনচি আৰু ইফ্ৰয়িম আছিল।

Read গননা 26গননা 26
Compare গননা 26:15-28গননা 26:15-28