11কিন্তু কোৰহৰ সন্তান সকলৰ হ’লে মৃত্যু হোৱা নাছিল।
12নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল চিমিয়োনৰ সন্তান: নমূৱেলৰ পৰা নমূৱেলীয়া গোষ্ঠী, যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী, যামীনৰ পৰা যামীনীয়া গোষ্ঠী, যাখীনৰ পৰা যাখীনীয়া গোষ্ঠী,
13জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী, চৌলৰ পৰা চৌলীয়া গোষ্ঠী।
14চিমিয়োনীয়া গোষ্ঠীবোৰৰ বাইশ হাজাৰ দুশজন লোক আছিল।
15নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল গাদৰ সন্তান: চফোনৰ পৰা চফোনীয়া গোষ্ঠী, হগ্গীয়াৰ পৰা হগ্গীয়া গোষ্ঠী, চূনীৰ পৰা চূনীয়া গোষ্ঠী,
16অজনী পৰা অজনীয়া গোষ্ঠী, এৰীৰ পৰা এৰীয়া গোষ্ঠী,
17অৰোদৰ পৰা অৰোদীয়া গোষ্ঠী, অৰেলাৰ পৰা অৰেলীয়া গোষ্ঠী।
18গাদৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা চল্লিশ হাজাৰ পাঁচ শ লোক আছিল।
19যিহূদাৰ পুত্র এৰ আৰু ওনন আছিল; এই দুজন লোকৰ কনান দেশতেই মৃত্যু হৈছিল।
20নিজ নিজ গোষ্ঠী অনুসাৰে এই লোকসকল যিহূদাৰ সন্তান: চেলাৰ পৰা চেলানীয়া গোষ্ঠী, পেৰচৰ পৰা পেৰচীয়া গোষ্ঠী, জেৰহৰ পৰা জেৰহীয়া গোষ্ঠী।
21পেৰচৰ সন্তান এইসকল: হিষ্ৰোণৰ পৰা হিষ্ৰোণীয়া গোষ্ঠী, হামূলৰ পৰা হামূলীয়া গোষ্ঠী।
22যিহূদাৰ এই গোষ্ঠীবোৰৰ লোকসকলৰ সংখ্যা ছয়সত্তৰ হাজাৰ পাঁচ শ লোক আছিল।