Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 24

গননা 24:4-19

Help us?
Click on verse(s) to share them!
4যি জনে ঈশ্বৰৰ বাক্য শুনে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, তেওঁ মাটিত পৰি চকু মেলি কৈছে।
5হে যাকোব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ! হে ইস্ৰায়েল, তোমাৰ আবাসবোৰ কেনে মনোহৰ!
6সেইবোৰ উপত্যকাৰ নিচিনা বিস্তৃত, আৰু নদীৰ পাৰত থকা বাৰীবোৰৰ সদৃশ, যিহোৱাই ৰোৱা অগৰু গছৰ নিচিনা, আৰু পানীৰ ওচৰত থকা এৰচ গছৰ তুল্য।
7তেওঁৰ কলহৰ পৰা পানী উথালি খাই পৰিছে; তেওঁৰ গুটি অনেক পানীৰ কাষত সিঁচা হ’ব, তেওঁৰ ৰজা অগাগতকৈয়ো ওখ হ’ব, তেওঁৰ ৰাজ্যৰ উন্নতি হ’ব।
8ঈশ্বৰে মিচৰৰ পৰা তেওঁক উলিয়াই আনিছে; তেওঁৰ বল মেঠনৰ বলৰ নিচিনা। তেওঁ নিজৰ বিৰুদ্ধী জাতিবোৰক গ্ৰাস কৰিব, আৰু তেওঁলোকৰ হাড় গুড়ি কৰিব, আৰু নিজৰ বাণৰ দ্বাৰাই সিহঁতক সৰকাই পেলাব।
9তেওঁ সিংহৰ দৰে পৰি শুলে, সিংহীৰ দৰে শয়ন কৰিলে; কোনে তেওঁক জগাব? তোমাক আশীৰ্ব্বাদ দিওঁতা প্ৰতিজন আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক, আৰু তোমাক শাও দিওঁতা প্ৰতিজন অভিশপ্ত হওঁক।
10তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিলত, তেওঁ নিজৰ হাতত চাপৰ মাৰিলে। আৰু বালাকে বিলিয়মক ক’লে, “মোৰ শত্ৰুবোৰক শাও দিবলৈ মই তোমাক অনিলোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্ব্বাদহে কৰিলা।
11এই হেতুকে মোক এতিয়াই এৰা আৰু নিজ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, যিহোৱাই তোমাক সন্মানিত হোৱাৰ পৰা আঁতৰাই ৰাখিলে।”
12তেতিয়া বিলিয়মে বালাকক ক’লে, “তুমি পঠিওৱা দূতবোৰৰ আগত মই কোৱা নাছিলো নে যে,
13‘যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ; যিহোৱাই যিহকে ক’ব, মই তাকেই ক’ম।’
14এতিয়া চোৱা, মই এই স্ব-জাতীয় লোকসকলৰ ওচৰলৈ যাওঁ। আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব, তাক মই তোমাক জনাওঁ।”
15বিলিয়ামে নিজৰ পদ্য গাই ক’লে, বিয়োৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু মেলা আছিল, সেই পুৰুষে কৈছে।
16এয়েই এজনৰ ভাৱবাণী যি জনে ঈশ্বৰৰ বাক্য শুনে, আৰু সৰ্ব্বোপৰি জনাৰ তত্ব জানে, যি জনে সৰ্ব্বশক্তিমানক দৰ্শন পায়, সেই জনে মাটিত পৰি চকু মেলি কৈছে।
17মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
18তেওঁৰ শত্ৰু ইদোম এক উত্তৰাধীকাৰ হ’ব, তেওঁৰ শত্ৰু চেয়ীৰেই এক উত্তৰাধীকাৰ হ’ব; তেতিয়া ইস্ৰায়েলে বীৰৰ কাৰ্য কৰিব।
19যাকোবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব, আৰু নগৰৰ অৱশিষ্ট লোকসকলক বিনষ্ট কৰিব।

Read গননা 24গননা 24
Compare গননা 24:4-19গননা 24:4-19