17মই তেওঁক দেখিছোঁ, কিন্তু বৰ্ত্তমানে নাই; তেওঁক দৰ্শন পাইছোঁ, কিন্তু তেওঁৰ ওচৰত থকা নাই। যাকোবৰ মাজৰ পৰা এটা তৰা উদয় হ’ব, ইস্ৰায়েলৰ মাজৰ পৰা এক ৰাজ-দণ্ড উঠিব; সেয়ে মোৱাবৰ দীৰ্ঘ-প্ৰস্থ গুড়ি কৰিব, আৰু হুৰামূৰা কৰা গোটেই বংশক সংহাৰ কৰিব।
18তেওঁৰ শত্ৰু ইদোম এক উত্তৰাধীকাৰ হ’ব, তেওঁৰ শত্ৰু চেয়ীৰেই এক উত্তৰাধীকাৰ হ’ব; তেতিয়া ইস্ৰায়েলে বীৰৰ কাৰ্য কৰিব।