11তেতিয়া বালাকে বিলিয়মক ক’লে, “আপুনি মোলৈ এইয়া কি কৰিলে? মোৰ শত্ৰুবোৰক শাও দিবলৈ মই আপোনাক অনিলোঁ; আপুনি সিহঁতক সকলো ভাৱে আশীৰ্ব্বাদহে কৰিলে।”
12তেতিয়া বিলিয়ামে উত্তৰ দি ক’লে, “যিহোৱাই মোৰ মুখত যি কথা দিব, সাৱধান হৈ মই তাকে নক’ম নে?”
13পাছত বালাকে তেওঁক ক’লে, “মই বিনয় কৰোঁ, আপুনি যি ঠাইৰ পৰা তেওঁলোকক দেখিবলৈ পাব, এনেকুৱা আন ঠাইলৈ মোৰ লগত আহক। আপুনি তেওঁলোকৰ সকলোকে দেখা পোৱা নাই, কেৱল এফালহে দেখিবলৈ পাইছে, সেই ঠাইৰ পৰা মোৰ কাৰণে তেওঁলোকক শাও দিব।”
14তেতিয়া বালাকে তেওঁক চোফীম পথাৰৰ মাজলৈ পিচগাৰ টিঙলৈ লৈ গ’ল; সেই ঠাইতে তেওঁ সাতোটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে আৰু প্ৰত্যেক যজ্ঞ-বেদীত এটা এটা ভতৰা আৰু এটা এটা মতা মেৰ উৎসৰ্গ কৰিলে।
15পাছত তেওঁ বালাকক ক’লে, “তুমি এই ঠাইতে তোমাৰ হোম-বলিৰ ওচৰত থিয় হৈ থাকা; মই হ’লে, সৌ তাত ঈশ্বৰৰ সাক্ষাৎ কৰোঁগৈ।”