14এই হেতুকে যিহোৱাৰ যুদ্ধ-পুস্তকত কোৱা হৈছে, বোলে, “চুফাত বাহেবক, অৰ্ণোনৰ উপত্যকাবোৰক,
15আৰু আৰ নামেৰে লোকালয়লৈ মুখ কৰা আৰু মোৱাবৰ সীমাত লগা চাৱলীয়া উপত্যকাবোৰ তেওঁ জয় কৰিলে।
16তাৰ পৰা তেওঁলোকে বেৰলৈ, অৰ্থাৎ যি নাদৰ বিষয়ে যিহোৱাই মোচিক কৈছিল, তুমি লোকসকলক গোটোৱা, মই তেওঁলোকক পানী দিম। সেই নাদলৈ যাত্ৰা কৰিলে।”
17সেই কালত ইস্ৰায়েলে এই গীত গান কৰিলে: “হে নাদ উঠলি উঠা; তোমালোকে ইয়াৰ উদ্দেশ্যে গান গোৱা।
18এয়ে অধ্যক্ষ সকলে খনা নাদ, লোকসকলৰ প্ৰধানসকলে ৰাজ-দণ্ডেৰে আৰু নিজ নিজ লাখুটিৰে ইয়াক খনন কৰিলে।” পাছত তেওঁলোকে অৰণ্যৰ পৰা মত্তানালৈ।
19মত্তানাৰ পৰা নহলীয়েললৈ, নহলীয়েলৰ পৰা বামোতলৈ,
20আৰু বামোতৰ পৰা উপত্যকাইদি মোৱাবৰ দেশলৈ। সেয়ে যিচীমোনৰ ফাললৈ মুখ কৰি থকা পিচগা পৰ্ব্বতৰ টিঙলৈ গ’ল।
21পাছত ইস্ৰায়েলে ইমোৰীয়াসকলৰ ৰজা চীহোনৰ গুৰিলৈ দূতৰ দ্বাৰাই এই কথা কৈ পঠিয়ালে বোলে,
22“তুমি নিজ দেশৰ মাজেদি মোক যাবলৈ দিয়া; আমি শস্যক্ষেত্ৰত বা দ্ৰাক্ষা-ক্ষেত্ৰত নোসোমাও আৰু নাদৰ পানীও নাখাওঁ। তোমাৰ সীমা পাৰ নহওঁমানে ৰাজবাটে গৈ থাকিম।”
23তথাপি চীহোনৰ ৰজাই নিজ অঞ্চলৰ মাজেদি ইস্ৰায়েলক যাবলৈ নিদিলে। কিন্তু চীহোনে নিজৰ সকলো প্ৰজাক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে মৰুভূমিলৈ ওলাল আৰু যহচলৈ গৈ ইস্ৰায়েলে সৈতে যুদ্ধ কৰিলে।