11আৰু এবোতৰ পৰা যাত্ৰা কৰি সূৰ্য ওলোৱা দিশে মোৱাবৰ সন্মুখে থকা মৰুভূমিৰ ইয়ে-অবাৰীমত ছাউনি পাতিলে।
12তাৰ পৰা যাত্ৰা কৰি জেৰদ উপত্যকাত ছাউনি পাতিলে।
13আৰু তাৰ পৰা যাত্ৰা কৰি ইমোৰীয়াসকলৰ সীমাৰ পৰা ওলোৱা, মৰুভূমিত থকা অৰ্ণোনৰ অন্য পাৰে ছাউনি পাতিলে, কিয়নো মোৱাবৰ আৰু ইমোৰীয়াসকলৰ মাজত থকা অৰ্ণোন মোৱাবৰ সীমা আছিল।
14এই হেতুকে যিহোৱাৰ যুদ্ধ-পুস্তকত কোৱা হৈছে, বোলে, “চুফাত বাহেবক, অৰ্ণোনৰ উপত্যকাবোৰক,
15আৰু আৰ নামেৰে লোকালয়লৈ মুখ কৰা আৰু মোৱাবৰ সীমাত লগা চাৱলীয়া উপত্যকাবোৰ তেওঁ জয় কৰিলে।
16তাৰ পৰা তেওঁলোকে বেৰলৈ, অৰ্থাৎ যি নাদৰ বিষয়ে যিহোৱাই মোচিক কৈছিল, তুমি লোকসকলক গোটোৱা, মই তেওঁলোকক পানী দিম। সেই নাদলৈ যাত্ৰা কৰিলে।”
17সেই কালত ইস্ৰায়েলে এই গীত গান কৰিলে: “হে নাদ উঠলি উঠা; তোমালোকে ইয়াৰ উদ্দেশ্যে গান গোৱা।
18এয়ে অধ্যক্ষ সকলে খনা নাদ, লোকসকলৰ প্ৰধানসকলে ৰাজ-দণ্ডেৰে আৰু নিজ নিজ লাখুটিৰে ইয়াক খনন কৰিলে।” পাছত তেওঁলোকে অৰণ্যৰ পৰা মত্তানালৈ।