Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 19

গননা 19:9-13

Help us?
Click on verse(s) to share them!
9পাছত কোনো এজন শুচি লোকে সেই গৰুজনীৰ ছাঁই গোটাই, ছাউনিৰ বাহিৰত কোনো পৰিস্কাৰ ঠাইত ৰাখিব। তাক ইস্ৰায়েলৰ সন্তান সকলৰ মণ্ডলীৰ কাৰণে অশুচিতা নাশক জলৰ কাৰণে ৰখা যাব কিয়নো সেই বলি পাপাৰ্থক বলি স্ৱৰুপে দান কৰা হৈছিল।
10আৰু যি জন লোকে গৰুজনীৰ ছাঁই গোটাব, তেৱোঁ নিজৰ কাপোৰ ধুব, আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব। এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা বিদেশীসকলৰো পালন কৰিবলগা চিৰস্থায়ী বিধি।
11যি কোনো লোকে যেতিয়া মৰা মানুহৰ শৱ চুব, তেওঁ সাত দিন অশুচি হৈ থাকিব।
12তেওঁ তৃতীয় দিনা আৰু সপ্তমদিনা নিজকে শুচি কৰিব, তাৰ পাছত শুচি হ’ব। কিন্তু তেওঁ যদি তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে শুচি নকৰে, তেন্তে তেওঁ শুচি নহ’ব।
13যি কোনোৱে মৰা মানুহৰ শৱ চুই নিজকে শুচি নকৰিব, তেওঁ যিহোৱাৰ আবাস অশুচি কৰিব; সেই লোকজনক ইস্ৰায়েলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁৰ ওপৰত অশুচিতা নাশক জল নছটিওৱাত তেওঁ অশুচি হ’ল আৰু তেওঁৰ অশুচিতা তেওঁৰ লগতে থাকিব।

Read গননা 19গননা 19
Compare গননা 19:9-13গননা 19:9-13