Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 19

গননা 19:17-20

Help us?
Click on verse(s) to share them!
17আৰু সেই অশুচি মানুহৰ কাৰণে পাপাৰ্থক বলিৰ সেই পোৰা ছাঁইৰ কিছু পাত্ৰত ৰাখি, তাৰ ওপৰত ভুমুকৰ পানী দিয়া যাব।
18আৰু কোনো শুচি লোক এজনে একোচা এচোব বন লৈ, সেই পানীত জুবুৰীয়াই, সেই তম্বুৰ ওপৰত, আৰু তাত থকা সকলো বস্তুৰ আৰু আটাই প্ৰাণীৰ ওপৰত আৰু হাড়, বা হত হোৱা বা এনেই মৰা লোকৰ শৱ, নাইবা মাদাম স্পৰ্শ কৰা সেই মানুহজনৰ ওপৰতো তাক ছটিয়াব।
19সেই শুচি লোকজনে তৃতীয় দিনা আৰু সপ্তম দিনা সেই অশুচি লোকজনৰ ওপৰত সেই জল ছটিয়াব। পাছত সপ্তম দিনা সেই অশুচি লোকজনে নিজকে শুচি কৰিব; তেওঁ নিজৰ কাপোৰ ধুব আৰু পানীত গা ধুব। পাছত সন্ধিয়া সময়ত তেওঁ শুচি হ’ব।
20কিন্তু যি জন লোকে অশুচি হৈয়ো নিজকে শুচি নকৰিব, সেই লোকজনক সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব, কিয়নো তেওঁ যিহোৱাৰ পবিত্ৰ স্থান অশুচি কৰিলে; তেওঁৰ ওপৰত অশুচিতা-নাশক জল ছটিওৱা নহ’ল; আৰু তেওঁ অশুচি হৈ থাকিল।

Read গননা 19গননা 19
Compare গননা 19:17-20গননা 19:17-20