Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - গননা - গননা 16

গননা 16:25-32

Help us?
Click on verse(s) to share them!
25তেতিয়া মোচি উঠি দাথন আৰু অবীৰামৰ ওচৰলৈ গ’ল; আৰু ইস্ৰায়েলৰ বৃদ্ধসকলে তেওঁৰ পাছে পাছে গ’ল।
26তেওঁ সমাজক ক’লে, “বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোকসকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা, আৰু এওঁলোকৰ একো বস্তু নুচুবা; নহ’লে এওঁলোকৰ পাপ সমূহত বিনষ্ট হ’বা।”
27তেতিয়া তেওঁলোকে কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা আঁতৰি গ’ল, কিন্তু দাথন আৰু অবীৰাম ওলাই নিজ নিজ ল’ৰা-তিৰোতাই সৈতে নিজ নিজ দুৱাৰমুখত থিয় হ’ল।
28পাছত মোচিয়ে কলে, এই সকলো কাৰ্য কৰিবলৈ মোক যে, যিহোৱাই পঠালে, তাক ইয়াৰ দ্বাৰাই জানিবলৈ পাবা। কিয়নো মই নিজ ইচ্ছাৰে তাক কৰা নাই।
29আন লোক সমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোকসমূহলৈ যেনে আপদ ঘটে, এই লোক সমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই।
30কিন্তু যিহোৱাই যদি নতুন কাৰ্য কৰে, আৰু যদি পৃথিৱীয়ে নিজ মুখ মেলি ইহঁতক, আৰু ইহঁতৰ সকলোকে গ্ৰাস কৰে, আৰু ইহঁত জীয়াই জীয়াই চিয়োললৈ নামি যায়, তেন্তে এওঁলোকে যে যিহোৱাক হেয়জ্ঞান কৰিলে, তাক তোমালোকে জানিবলৈ পাবা।
31পাছত মোচিয়ে এইবোৰ কথা কৈ শেষ কৰা মাত্ৰকে, তেওঁলোকৰ তলত থকা মাটি ফাটিল,
32আৰু পৃথিৱীয়ে নিজ মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবোৰক আৰু কোৰহৰ আটাই লোকক আৰু তেওঁলোকৰ সৰ্ব্বস্ব গ্ৰাস কৰিলে।

Read গননা 16গননা 16
Compare গননা 16:25-32গননা 16:25-32