8লোকসকলে ইফালে সিফালে ফুৰি তাক চপায় আৰু জাঁতত পিহি বা খপবলি খুন্দি গুড়ি কৰি টৌত সিজায় আৰু তাৰ দ্বাৰাই পিঠা বনায়; তাৰ আস্বাদ তেলেৰে যুগুত কৰা সুস্বাদু আহাৰৰ আস্বাদৰ নিচিনা আছিল।
9ৰাতি ছাউনিৰ ওপৰত নিয়ৰ পৰা সময়ত, নিয়ৰৰ লগত সেই মান্না পৰি থাকে।
10পাছে মোচিয়ে লোকসকলৰ গোষ্ঠী অনুসাৰে নিজ নিজ তম্বুৰ দুৱাৰৰ ওচৰত প্ৰতিজনে কান্দি থকা শুনিলে। তেতিয়া যিহোৱাৰ ক্ৰোধ অতিশয়ৰূপে জ্বলি উঠিল, আৰু মোচিয়েও অসন্তোষ পালে।
11পাছে মোচিয়ে যিহোৱাক জনালে, “তুমি কি কাৰণে তোমাৰ দাসক ইমান ক্লেশ দিছা? কি কাৰণে বা মই তোমাৰ দৃষ্টিত অনুগ্ৰহ পোৱা নাই? তুমি এই সকলো লোকৰ ভাৰ মোৰ ওপৰত দিছা?
12মই জানো এই সকলো লোকক গৰ্ভধাৰণ কৰিলোঁ, বা এই সকলো লোকক প্ৰসৱ কৰিলোঁ, যে তুমি এওঁলোকৰ পূৰ্বপুৰুষসকলৰ আগত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলা, সেই দেশলৈ গাখীৰ খোৱা কেঁচুৱাক পালন কৰোঁতা বাপেকৰ দৰে তেওঁলোকক বুকুত বান্ধি নিবলৈ মোক আজ্ঞা দিছা?
13এই সকলো লোকক দিবৰ বাবে মই ক’ত মাংস পাম? কিয়নো এওঁলোক সকলোৱে মোৰ গুৰিত কান্দি কৈছে, ‘আমাক মাংস দিয়া আমি খাওঁ।’
14এই আটাই লোকৰ ভাৰ মই অকলেই বব নোৱাৰোঁ; কিয়নো সেয়ে মোৰ শক্তিতকৈয়ো গধুৰ।
15তুমি যদি মোলৈ এনে ব্যৱহাৰ কৰা, তেন্তে মই বিনয় কৰিছোঁ, মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে এতিয়া মোক একেবাৰে মাৰা আৰু মোৰ দুৰ্গতি মোক দেখিবলৈ নিদিবা।”
16তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি লোকসকলৰ মাজত যিসকলক বৃদ্ধ আৰু লোকসকলৰ অধ্যক্ষ বুলি জানা, ইস্ৰায়েলৰ এনে সত্তৰ জন বৃদ্ধ লোকক চপাই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰলৈ লৈ আহা; তেওঁলোকে তোমাৰ লগত সেই ঠাইত থিয় হওঁক।
17পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰে সৈতে কথা হ’ম আৰু তোমাত যি আত্মা আছে, তাৰ কিছু লৈ তেওঁলোকত ৰাখিম; তাতে, তুমি যেন অকলেই লোকসকলৰ ভাৰ নোবোৱা, এইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ ব’ব।