9আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা।
10আৰু আমোদৰ দিনতো, পৰ্ব্বৰ দিনত আৰু মাহৰ আৰম্ভণত, তোমালোকৰ হোম-বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ কাষত তোমালোকে সেই তূৰী বজাবা; তাতে সেয়ে তোমালোকৰ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ সোঁৱৰণৰ উপায় হ’ব। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।”
11পাছত দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ বিশ দিনৰ দিনা সেই মেঘ সাক্ষ্য-ফলি থকা আবাসৰ ওপৰৰ পৰা নিয়া হ’ল।
12তাতে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল।