8নিজৰ আত্মাক কোনে নিয়ন্ত্ৰণ কৰিব পাৰে! তেনেকৈ মৃত্যুৰ দিনৰ ওপৰতো কাৰো হাত নাই। যুদ্ধৰ সময়ত যেনেকৈ কোনো সৈনিক মুক্ত নহয়, তেনেকৈ দুষ্টতাৰ বশত থকা ব্যক্তিৰ দুষ্ট কার্যৰ অভ্যাসৰ পৰা সেই দুষ্টতাই তেওঁক মুক্ত কৰিব নোৱাৰে।
9সূৰ্যৰ তলত কৰা সকলো কার্যলৈ মনোযোগ কৰি মই এই পর্যবেক্ষণ কৰিলোঁ যে, এজন লোকে আন জনৰ ওপৰত কর্তৃত্ব চলাবলৈ অভ্যাস কৰি আন জনক ভীষণ আঘাত দিয়ে।