Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - উপ - উপ 6

উপ 6:3-9

Help us?
Click on verse(s) to share them!
3কোনো লোকৰ এশজন সন্তান থাকিব পাৰে আৰু তেওঁ অনেক দিন ধৰি জীয়াও থাকিব পাৰে, কিন্তু তেওঁৰ হৃদয়ে যদি জীৱনত সন্তোষ নাপায় আৰু সন্মানেৰে সৈতে যদি তেওঁৰ মৈদাম নহয়, তেন্তে সেই লোক যিমান বছৰেই জীয়াই নাথাকক কিয়, মই কওঁ তেওঁতকৈ বৰং মৃত কেঁচুৱাৰ জন্ম হোৱাই অনেক ভাল।
4সেই মৃত সন্তানে বৃথাই আহি আন্ধাৰতেই বিদায় লয় আৰু সেই কেঁচুৱাৰ নাম নাইকিয়া হৈ যায়।
5যদিও এই কেঁচুৱাটিয়ে কেতিয়াও সূৰ্য দেখা নাপায় অথবা একোকে নাজানে, তথাপিও সেই ধনী মানুহতকৈ সি অধিক বিশ্রাম পায়।
6এনেকি, যদি কোনো লোক দুই হাজাৰ বছৰো জীয়াই থাকে, কিন্তু জীৱনত সুখ নাপায়, তেন্তে তাৰ কি লাভ? সকলোৱেই জানো একে ঠাইলৈকে নাযায়?
7মানুহৰ সকলো পৰিশ্ৰমেই তেওঁৰ পেটৰ কাৰণে, তথাপিও তেওঁৰ ভোক কেতিয়াও নপলায়।
8অজ্ঞানতকৈ জ্ঞানী লোকৰ সুবিধা কি? আন লোকসকলৰ আগত কিদৰে চলিব লাগে, তাক জানিলে এজন দৰিদ্রৰ কি লাভ হয়?
9অধিক পোৱাৰ বাসনাতকৈ বৰং চকুৱে যি দেখা পায়, তাতে সন্তুষ্ট থকা ভাল। ইও অসাৰ, কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰা হয়।

Read উপ 6উপ 6
Compare উপ 6:3-9উপ 6:3-9