13সূৰ্যৰ তলত মই এক ভীষণ দুখৰ বিষয় দেখিলোঁ: ঐশ্বর্যৰ গৰাকীয়ে নিজৰ দুর্দশাৰ কাৰণেহে ধন জমা কৰি ৰাখে।
14দুৰ্ঘটনাত সেই ধন ধ্বংস হৈ যায়। তাতে তেওঁৰ পুত্ৰৰ কাৰণে একোৱেই নাথাকে।
15মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।