15যি যি আছে, সেয়ে পূর্বেও আছিল; যি যি হব, সেয়াও পূর্বে আছিল; যি হৈ গ’ল, ঈশ্বৰে পুনৰ তাকেই বিচাৰে।
16মই সূৰ্যৰ তলত আৰু এক বিষয় দেখিলোঁ যে, ন্যায় বিচাৰ আৰু ধার্মিকর্তাৰ ঠাইত দুষ্টতা আছে।
17মই মনতে ক’লো, “ঈশ্বৰে ধাৰ্মিক আৰু দুষ্ট এই দুজনৰে বিচাৰ কৰিব; কাৰণ ঈশ্বৰৰ ওচৰত প্ৰত্যেক বিষয় আৰু কৰ্মৰ বাবে এক নিৰ্দিষ্ট সময় আছে।”
18মই মনতে ক’লো, “ঈশ্বৰে লোকসকলক যেন পৰীক্ষা কৰি বুজিবলৈ দিয়ে যে, তেওঁলোক নিজে পশুতুল্য।”
19কাৰণ মানুহলৈ যি ঘটে সেয়ে পশুলৈকো ঘটে; পশু যেনেকৈ মৰে, মানুহো মৰে। উভয়ে একে বাযু়ৰ শ্বাস-প্ৰশ্বাস লয়; সেয়ে পশুতকৈ মানুহৰ কোনো প্রাধান্য নাই; কিয়নো একোৱেই স্থায়ী নহয়।
20সকলোৱেই একে মাটিলৈকে যায়; সকলোৱেই ধুলিৰ পৰা আহিছে আৰু ধুলিলৈকে উলটি যায়।
21মানুহৰ প্রাণবায়ু যে উৰ্দ্ধগামী হয় আৰু পশুৰ প্ৰাণবায়ু যে মাটিৰ তললৈ অধোগামী হয়, তাক কোনে জানে?
22মই আকৌ উপলব্ধি কৰিলোঁ যে, নিজৰ কাৰ্যত সন্তুষ্ট হোৱাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই; কিয়নো এয়ে মানুহৰ কার্য। কাৰণ মানুহৰ মৃত্যুৰ পাছত কি ঘটিব, তাক দেখুৱাবলৈ কোনে তেওঁক ঘূৰাই আনিব?।