19আমোদৰ কাৰণেই ভোজ-মেল পতা হয়; দ্ৰাক্ষাৰসে জীৱনলৈ আনন্দ আনে আৰু অর্থই অনেক অভাৱ পূর্ণ কৰে।
20ৰজাক শাও নিদিবা, এনেকি মনে মনেও নিদিবা; তোমাৰ শোৱা কোঁঠালিত ধনীক শাও নিদিবা; কিয়নো আকাশৰ এটি সৰু চৰায়ে তোমাৰ সেই কথা শুনি বৈ নিব পাৰে নাইবা কিছুমান ডেউকাযুক্ত জীৱই উৰি গৈ সকলোকে সেই কথা কৈ দিব পাৰে।