46 ধৰি লওঁক, তেওঁলোকে যদি আপোনাৰ বিৰুদ্ধে পাপ কৰে, (কিয়নো পাপ নকৰা মানুহ কোনো নাই;) আৰু আপুনি তেওঁলোকলৈ ক্রুদ্ধ হৈ তেওঁলোকক যদি শত্ৰুৰ হাতত শোধাই দিয়ে, আৰু তাতে যদি তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকক বন্দী কৰি দূৰত বা ওচৰত থকা শত্ৰুৰ দেশলৈ লৈ যায়,
47 তথাপি তেওঁলোকে যদি বন্দী কৰি নিয়া দেশত নিজে বিবেচনা কৰি মন ঘূৰাই, আৰু তেওঁলোকে বন্দী কৰি নিয়াসকলৰ দেশত থাকি আপোনাৰ আগত প্ৰাৰ্থনা কৰি, ‘আমি পাপ কৰিলোঁ, আমি অপথে গলোঁ, আমি কুকৰ্ম কৰিলোঁ’,
48 এই বুলি তেওঁলোকক বন্দী কৰি নিয়া তেওঁলোকৰ শত্ৰুৰ দেশত সকলো মনে সকলো চিত্তে আপোনালৈ উভতি আহে, আৰু তেওঁলোকৰ ওপৰ-পিতৃসকলক আপুনি দিয়া তেওঁলোকৰ দেশৰ ফালে, আপোনাৰ মনোনীত নগৰৰ ফালে, আৰু আপোনাৰ নামৰ বাবে মই নিৰ্ম্মাণ কৰা এই গৃহৰ ফালে মুখ কৰি যদি আপোনাৰ আগত প্ৰাৰ্থনা কৰে,
49 তেন্তে আপুনি আপোনাৰ বাসস্থান স্বৰ্গত থাকি তেওঁলোকৰ প্ৰাৰ্থনা আৰু নিবেদন শুনিব, আৰু তেওঁলোকৰ বিচাৰ নিস্পত্তি কৰিব;
50 আৰু আপোনাৰ বিৰুদ্ধে পাপ কৰা আপোনাৰ প্ৰজাসকলক ক্ষমা কৰিব, আৰু আপোনাৰ বিৰুদ্ধে কৰা তেওঁলোকৰ সকলো অপৰাধ ক্ষমা কৰিব; আৰু তেওঁলোকৰ বন্দী কৰি নিয়াসকলে যেন তেওঁলোকক দয়া কৰিব, এই কাৰণে তেওঁলোকলৈ তেওঁলোকৰ দয়া জন্মাব।
51 কিয়নো তেওঁলোক লোহাৰ কুণ্ড স্বৰূপ মিচৰ দেশৰ পৰা অনা আপোনাৰ প্ৰজা আৰু আপোনাৰ আধিপত্য।
52 আপোনাৰ দাস আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলী লোকসকলে যি কোনো সময়ত প্ৰাৰ্থনা কৰিব, সেই সময়ত তেওঁলোকৰ প্ৰাৰ্থনালৈ কাণ দিবলৈ আপোনাৰ দাস আৰু আপোনাৰ প্ৰজাৰ সেই মিনতিলৈ আপোনাৰ চকু যেন মুকলি হৈ থাকে, এই কাৰণে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব।
53 কিয়নো, হে প্ৰভু যিহোৱা, আমাৰ ওপৰ-পিতৃসকলক মিচৰ দেশৰ পৰা অনা কালত আপোনাৰ দাস মোচিৰ দ্বাৰাই যেনেকৈ কৈছিল, তেনেকৈ আপোনাৰ আধিপত্য হ’বলৈ তেওঁলোকক পৃথিৱীৰ আটাই জাতিবোৰৰ পৰা আপুনিয়েই পৃথক কৰিলে।”
54 যিহোৱাৰ সন্মুখত এইদৰে প্ৰাৰ্থনা আৰু নিবেদন কৰাৰ পাছত, চলোমনে যিহোৱাৰ যজ্ঞবেদিৰ সন্মুখত যেনেদৰে আঠুকাঢ়ি পৰি স্বৰ্গৰ ফালে চাই আছিল, সেইদৰে চাই থকাৰ পৰা তেওঁ উঠি থিয় হ’ল।
55 তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজলৈ চাই, আশীৰ্ব্বাদ কৰি উচ্চস্বৰে ক’লে,
56 “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে নিজৰ সকলো প্ৰতিজ্ঞা অনুসাৰে নিজৰ প্ৰজা ইস্ৰায়েলক বিশ্ৰাম দিছে, সেই যিহোৱা ধন্য হওঁক; তেওঁ নিজ দাস মোচিৰ দ্বাৰাই যি প্ৰতিজ্ঞা কৰিলে, সেই উত্তম প্ৰতিজ্ঞাৰ এটা বিষয়ো বিফল হ’ব দিয়া নাই।
57 আৰু আমাৰ ঈশ্বৰ যিহোৱা যেনেকৈ আমাৰ ওপৰ-পিতৃসকলৰ লগত আছিল, তেনেকৈ তেওঁ আমাৰো লগত থাকক৷ আমাক ত্যাগ নকৰক বা আমাক এৰি নাযাওঁক।
58 তেওঁৰ সকলো পথত চলিবলৈ আৰু আমাৰ পূৰ্বপুৰুষসকলক দিয়া তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ আমাৰ মন নিজলৈ আকৰ্ষণ কৰক।
59 আৰু যি সকলো কথাৰে মই যিহোৱাৰ আগত নিবেদন কৰিলোঁ, দিনে ৰাতিয়ে তেওঁৰ কাষ চাপা, যাতে দাসকলৰ বাবে তেওঁ সহায় কৰিব, আৰু দিনে দিনে যেনে প্ৰয়োজন, তেনেকৈ তেওঁ নিজ দাস আৰু নিজ প্ৰজা ইস্ৰায়েলৰ বিচাৰ নিস্পত্তি কৰিব;
60 যিহোৱাই যে ঈশ্বৰ, তেওঁৰ বাহিৰে আন কোনো ঈশ্বৰ নাই, ইয়াক পৃথিৱীৰ সকলো জাতিয়ে জানিবৰ বাবে, এই যি সকলো কথাৰ দ্বাৰাই মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, মোৰ এই সকলো কথা দিনে ৰাতিয়ে আমাৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হৈ থাকক।
61 এই হেতুকে আজিৰ দৰে তেওঁৰ বিধিমতে আচৰণ কৰিবলৈ আৰু তেওঁৰ আজ্ঞা পালন কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱাৰ আগত তোমালোকৰ মন সিদ্ধ হওক।”
62 পাছত ৰজা আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে যিহোৱাৰ সাক্ষাতে বলিদান কৰিলে।