Text copied!
Bibles in Assamese

1 ৰাজা 7:35-51 in Assamese

Help us?

1 ৰাজা 7:35-51 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

35 সেই আধাৰৰ মূৰত আধা হাত দ-কৈ এটা ঘূৰণীয়া সাঁফৰ আছিল আৰু আধাৰৰ ওপৰ-ভাগত থকা ধৰণী আৰু ফলকবোৰ তাত সংযুক্ত হৈ আছিল।
36 ধৰণীৰ উপৰিভাগ আৰু ফলকবোৰৰ খালি ঠাইবোৰ ঢকাকৈ হীৰমে কৰূব, সিংহ আৰু খাজুৰ গছবোৰ কাটি সেইবোৰৰ চাৰিওফালে মালা গাঠি দিছিল৷
37 এইদৰে তেওঁ একে সাঁচতে একে জোখেৰে একে আকৃতিৰে পিতলৰ সেই দহ টা আধাৰ সাজিছিল।
38 পাছত হীৰমে পিতলৰ দহ টা প্ৰক্ষালন-পাত্ৰ সাজিছিল৷ প্ৰত্যেকটো পাত্ৰত চল্লিশ মোন কৈ পানী ধৰিছিল। প্ৰত্যেক পাত্ৰ চাৰি হাত জোখৰ আছিল৷ প্ৰত্যেকটো পাত্ৰ সেই দহ টা আধাৰৰ ওপৰত ৰখা হৈছিল৷
39 তেওঁ গৃহৰ দক্ষিণফালে পাঁচোটা আধাৰ আৰু উত্তৰফালে পাঁচোটা আধাৰ ৰাখিছিল৷ তেওঁ গৃহৰ পূৱদিশে দক্ষিণফালে সমুদ্ৰ-পাত্ৰটো স্থাপন কৰিছিল।
40 হীৰমে সেই প্ৰক্ষালন-পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰবোৰ নিৰ্মাণ কৰিছিল। এইদৰে হীৰমে ৰজা চলোমনৰ বাবে যিহোৱাৰ গৃহত সম্পূৰ্ণৰূপে নিৰ্মান কৰি উঠা কাৰ্যবোৰ হ’ল:
41 সেই স্তম্ভ দুটা আৰু তাৰ মূৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা আৰু তাক ঢাকিবলৈ যি দুখন অলংকাৰপূর্ণ জালি কটা কাম কৰা হৈছিল৷
42 তেওঁ সেই দুযোৰ অলংকাৰপূর্ণ জালৰ কাৰণে সেই চাৰিশ ডালিম অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ কাৰণে দুশাৰী ডালিম
43 আৰু দহ টা আধাৰ, আৰু দহ টা আধাৰৰ ওপৰত দহ টা প্ৰক্ষালন পাত্ৰ,
44 সেই সমুদ্ৰ-পাত্ৰ, আৰু সেই সমুদ্ৰ-পাত্ৰৰ তলৰ বাৰটা ষাঁড়-গৰু,
45 ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰ - হীৰমে এইবোৰ নিৰ্মান কৰিছিল ৰজা চলোমনৰ বাবে, যিহোৱাৰ গৃহৰ বাবে; তেওঁ এইবোৰ চক্‌চকিয়া পিতলেৰে নিৰ্মান কৰিছিল।
46 ৰজাই এইবোৰ যৰ্দ্দনৰ চুক্কোৎ আৰু চৰ্তনৰ মধ্যৱৰ্তী সমতল ভূমিত তৈয়াৰ কৰিবলৈ দিছিল, এইবোৰ আলতীয়া মাটিৰ সাঁচত ঢালি তৈয়াৰ কৰা হৈছিল।
47 চলোমনে সেই পাত্ৰবোৰ অতি বেচি হোৱাৰ কাৰণে সেইবোৰৰ ওজন জোখ নকৰিলে, আৰু সেইবাবে সেই পিতলৰ ওজন জনা নগ’ল।
48 চলোমনে যিহোৱাৰ গৃহৰ সকলো বস্তু সোণেৰে নিৰ্ম্মাণ কৰোঁৱাইছিল: সেইবোৰ হ’ল, সোণৰ বেদী আৰু দৰ্শন-পিঠা থবৰ কাৰণে সোণৰ মেজ৷
49 অন্তঃস্থানৰ সন্মুখত সোঁফালে পাঁচোটা আৰু বাওঁফালে পাঁচোটা নিৰ্মল সোণৰ দীপাধাৰ আৰু ফুল, প্ৰদীপ আৰু শলাকানি-কটা এই সকলোবোৰ সোণেৰে নিৰ্মান কৰোঁৱাইছিল।
50 নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।
51 এইদৰে যিহোৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই যিহোৱাৰ গৃহৰ ভঁৰালত থৈছিল।
1 ৰাজা 7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019