Text copied!
Bibles in Assamese

1 ৰাজা 3:25-28 in Assamese

Help us?

1 ৰাজা 3:25-28 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 তেতিয়া ৰজাই ক’লে, “এই জীয়াই থকা লৰাটিক দুডোখৰ কৰি, এজনীক এফাল আৰু আন জনীক এফাল দিয়া।”
26 তেতিয়া জীয়াই থকা ল’ৰাটি যি জনী মহিলাৰ আছিল, তেওঁ তেওঁৰ ল’ৰাটিলৈ দয়া-মমতাৰে উপচি পৰিল, তেওঁ ৰজাক নিবেদন কৰি ক’লে, “হে মোৰ প্ৰভু, বিনয় কৰোঁ, জীয়া ল’ৰাটি এইকে দিয়ক, ল’ৰাটি কোনোমতেই বধ নকৰিব৷” কিন্তু আন জনীয়ে ক’লে, “সি মোৰো নহওঁক তোমাৰো নহওঁক৷ তোমালোকে তাক দুডোখৰ কৰা।”
27 তেতিয়া ৰজাই উত্তৰ দি ক’লে, “এই জনীকে জীয়া ল’ৰাটি দিয়া আৰু কোনো মতে তাক বধ নকৰিবা৷ এই জনীয়েই তাৰ মাতৃ।”
28 ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, সেই বিষয়ে শুনি গোটেই ইস্ৰায়েলে ৰজালৈ ভয় কৰিলে, কিয়নো তেওঁলোকে দেখিলে যে, বিচাৰ কৰিবৰ অৰ্থে তেওঁত ঈশ্বৰে দিয়া জ্ঞান আছে।
1 ৰাজা 3 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019