Text copied!
Bibles in Assamese

1 ৰাজা 2:19-31 in Assamese

Help us?

1 ৰাজা 2:19-31 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 পাছত বৎচেবাই অদোনিয়াৰ বিষয়ে কথা পাতিবলৈ চলোমন ৰজাৰ ওচৰলৈ গ’ল। তাতে ৰজাই তেওঁক আগবাঢ়ি লগ ধৰিবলৈ উঠি আহিল, আৰু তেওঁৰ আগত প্ৰণিপাত কৰিলে৷ তাৰ পাছত তেওঁ নিজৰ সিংহাসনত বহিল আৰু তেওঁৰ মাতৃৰ কাৰণে এখন আসন যুগুত কৰিলে৷ তেওঁ ৰজাৰ সোঁফালে বহিল।
20 তেতিয়া তেওঁ ক’লে, “মই তোমাৰ আগত এটি সৰু বিষয় নিবেদন কৰোঁ; সেই বিষয়ে তুমি মোক অস্ৱীকাৰ নকৰিবা।” তেতিয়া ৰজাই ক’লে, “হে মোৰ মাতৃ, খোজক; কিয়নো মই আপোনাক অস্ৱীকাৰ নকৰোঁ।”
21 তেতিয়া বৎচেবাই ক’লে, “তোমাৰ ককাই অদোনিয়া লগত চূনেমীয়া অবীচগক পত্নীৰূপে দিয়া হওঁক৷”
22 তেতিয়া চলোমন ৰজাই উত্তৰ কৰি নিজৰ মাতৃক ক’লে, “আপুনি অদোনিয়াৰ কাৰণে চূনেমীয়া অবীচগক কিয় খুজিছে? তেওঁৰ বাবে ৰাজ্যখনকো কিয় খোজা নাই, কিয়নো তেওঁ মোৰ বৰ ককাই - এনে কি, অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ কাৰণেও খোজক।”
23 তেতিয়া চলোমন ৰজাই যিহোৱাৰ নামেৰে শপত লৈ ক’লে, “অদোনিয়াই যদি নিজৰ প্ৰাণ হানি হোৱাকৈ এই কথা কোৱা নাই, তেনেহ’লে ঈশ্বৰে মোলৈকো সেইদৰে কৰক বা তাতকৈয়ো অধিক দণ্ড দিয়ক।
24 এই হেতুকে এতিয়া যি জনে নিজৰ প্ৰতিজ্ঞা অনুসাৰে, মোক সুস্থিৰ কৰি মোৰ পিতৃ দায়ুদৰ সিংহাসনত মোক বহুৱালে আৰু মোৰ বংশ স্থাপন কৰিলে, সেই যিহোৱাৰ জীৱনৰ শপত, আজি নিশ্চয়ে অদোনিয়াৰ প্ৰাণ-দণ্ড হ’ব।”
25 তেতিয়া চলোমন ৰজাই যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই দিলে; তেওঁ অদোনিয়াক বিচাৰি পাই তেওঁক বধ কৰিলে।
26 পাছত ৰজাই অবিয়াথৰ পুৰোহিতক ক’লে, “তুমি অনাথোতলৈ নিজ উত্তৰাধিকাৰৰ ভুমিলৈ যোৱা৷ তুমিও মৃত্যুৰ যোগ্য, তথাপি মই এই সময়ত তোমাৰ প্ৰাণ দণ্ড নকৰোঁ, কাৰণ তুমি মোৰ পিতৃ দায়ুদৰ আগত প্ৰভু যিহোৱাৰ চন্দুক বৈ নিছিলা আৰু মোৰ পিতৃৰ দুখভোগৰ সকলো সময়ত তুমিও দুখ-ভোগ কৰিছিলা।”
27 এইদৰে চীলোত এলীৰ বংশৰ অহিতে যিহোৱাই কোৱা বাক্য যেন সিদ্ধ হয়, এই কাৰণে চলোমনে অবিয়াথৰ পুৰোহিতক যিহোৱাৰ পুৰোহিত পদৰ পৰা অব্যাহতি দিলে৷
28 তেতিয়া সেই ঘটনাৰ বাতৰি যোৱাবলৈ আহিল, কিয়নো যোৱাব যদিও অবচালোমৰ ফলীয়া নাছিল, তথাপি অদোনীয়াৰ ফলীয়া হৈছিল। সেই কাৰণে তেওঁ যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই গৈ যজ্ঞবেদীৰ শিঙত ধৰি থাকিল৷
29 পাছত যোৱাব যিহোৱাৰ তম্বুৰ ভিতৰলৈ পলাই যোৱা আৰু তেওঁ যজ্ঞবেদীৰ কাষত থকা এই বুলি কোনোবাই চলোমন ৰজাক খবৰ দিলে৷ তেতিয়া তেওঁ যিহোয়াদাৰ পুত্ৰ বনায়াক পঠিয়াই ক’লে, “যোৱা তেওঁক বধ কৰা।”
30 তেতিয়া বনায়াই যিহোৱাৰ তম্বুলৈ গ’ল, আৰু তেওঁক ক’লে, “ৰজাই কৈছে, ‘তুমি বাহিৰলৈ ওলাই আহাঁ’।” তেতিয়া তেওঁ ক’লে, “নহয়, মই এই ঠাইতে মৰিম।” তেতিয়া বনায়া ৰজাৰ ওচৰলৈ উভতি গ’ল, আৰু তেওঁক ক’লে, “যোৱাবে সেই যজ্ঞবেদীৰ কাষতে মৰিবলৈ বিচাৰিছে৷”
31 তেতিয়া ৰজাই ক’লে, “তুমি তেওঁৰ কথাৰ দৰেই কাৰ্য কৰা৷ তেওঁক বধ কৰি তেওঁক মৈদাম দিবা; সেইদৰে কৰিলে, যোৱাবে যি নিৰ্দ্দোষীৰ ৰক্তপাত কৰিছিল, সেই ৰক্তপাতৰ দোষ তুমি মোৰ পৰা আৰু মোৰ পিতৃ-বংশৰ পৰা দূৰ কৰিবা।
1 ৰাজা 2 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019