33 তেতিয়া ৰথৰ অধ্যক্ষসকলে তেওঁক ইস্ৰায়েলৰ ৰজা নহয় বুলি জানি, তেওঁৰ পাছত খেদিবলৈ এৰিলে।
34 কিন্তু কোনো এজন লোকে আন এজন লোকক মাৰিবলৈ ধনুৰ জোঁৰ টানি দৈৱক্ৰমে ইস্ৰায়েলৰ ৰজাৰ কবচ আৰু উদৰ ৰক্ষাৰ জোৰাতে কাঁড় মাৰিলে। তেতিয়া আহাবে নিজৰ সাৰথিক ক’লে, “ৰথখন ঘূৰাই সৈন্যৰ মাজৰ পৰা মোক উলিয়াই লৈ যোৱা কিয়নো মই বৰকৈ আঘাতপ্রাপ্ত হ’লো।”
35 সেই দিনা বৰকৈ যুদ্ধ হ’ল আৰু অৰামীয়াসকলৰ আগত ৰজাক থিয়কৈ ৰখাই হ’ল; কিন্তু গধূলিৰ সময়ত তেওঁৰ মৃত্যু হ’ল; তেওঁৰ ঘাৰ তেজ বৈ ৰথৰ তললৈ পৰিল।
36 তাৰ পাছত সূর্য মাৰ যোৱা সময়ত সৈন্য সমূহৰ মাজত সকলো ফালে এই কথা চিঞঁৰি কোৱা হ’ল, “প্ৰতিজনে নিজ নিজ নগৰ আৰু নিজ দেশলৈ গুচি যাওঁক।”
37 এইদৰে ৰজা আহাবৰ মৃত্যু হ’ল; তেওঁক চমৰিয়ালৈ অনা হ’ল আৰু লোকসকলে চমৰিয়াত তেওঁক মৈদাম দিলে।।
38 পাছত লোকসকলে চমৰিয়াৰ পুখুৰীৰ পাৰত তেওঁৰ ৰথ ধুই থাকোতে, যিহোৱাৰ বাক্য অনুসাৰে, কুকুৰবোৰে তেওঁৰ সেই তেজ চেলেকি খালে; এইটোৱেই সেই ঠাই, য’ত বেশ্যাবোৰে গা ধুইছিল।
39 আহাবৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁৰ সকলো কাৰ্য, তেওঁ নিৰ্ম্মাণ কৰা হাতী দাঁতৰ গৃহৰ আৰু তেওঁ সজা আটাই নগৰবোৰৰ কথা জানো ইস্ৰায়েলৰ ইতিহাস পুস্তকখনত লিখা নাই?
40 এইদৰে আহাব নিজ পূৰ্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাত, তেওঁৰ পুত্ৰ অহজিয়া তেওঁৰ পদত ৰজা হ’ল।
41 তেতিয়া ইস্ৰায়েলৰ ৰজা আহাবৰ ৰাজত্বৰ চতুৰ্থ বছৰত, আচাৰ পুত্ৰ যিহোচাফটে যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে।
42 যিহোচাফটে পঁয়ত্ৰিশ বছৰ বয়সত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ৱ কৰিছিল। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।
43 যিহোচাফটে নিজ পিতৃ আচাৰ পথত চলিলে; তেওঁ সেইবোৰৰ পৰা নুঘূৰি, যিহোৱাৰ সাক্ষাতে সদাচৰণ কৰিলে। তথাপি পবিত্র ঠাইবোৰ গুচুউৱা হোৱা নাছিল; লোকসকলে তেতিয়াও সেই পবিত্ৰ ঠাইবোৰত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
44 ইস্ৰায়েলৰ ৰজাৰ লগত যিহোচাফট মিলেৰে আছিল।
45 যিহোচাফটৰ অৱশিষ্ট বৃত্তান্তৰ বিষয়ে, তেওঁ সিদ্ধ কৰা পৰাক্ৰম আৰু তেওঁ কৰা যুদ্ধৰ কথাৰ বিষয়ে জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই?
46 তেওঁৰ পিতৃ আচাৰ ৰাজত্ৱৰ কালত যি নট লোকসকল অৱশিষ্ট আছিল, তেওঁ সেই লোকসকলক দেশৰ পৰা দূৰ কৰিলে।
47 সেই কালত ইদোমৰ ৰজা নাছিল; এজন প্ৰতিনিধিয়ে ৰাজ্য শাসন কৰিছিল।
48 পাছত যিহোচাফটে সোণৰ কাৰণে ওফীৰলৈ যাবলৈ জাহাজ সাজিলে; কিন্তু সেই জাহাজবোৰ যাব নোৱাৰিলে, কিয়নো ইচিয়োন-গেবৰত সেই জাহাজবোৰ ভাগি থাকিল।
49 তেতিয়া আহাবৰ পুত্ৰ অহজিয়াই যিহোচাফটক ক’লে, “আপোনাৰ দাসবোৰৰ সৈতে মোৰ দাসবোৰ জাহাজত যাওঁক।” কিন্তু যিহোচাফট সেই কথালৈ মান্তি নহ’ল।
50 পাছত যিহোচাফট তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ ওপৰ-পিতৃ দায়ুদৰ নগৰত, তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল। তেতিয়া তেওঁৰ পুত্ৰ যিহোৰাম তেওঁৰ পদত ৰজা হ’ল।
51 যিহূদাৰ যিহোচাফট ৰজাৰ ৰাজত্ৱৰ সপ্তদশ বছৰত আহাবৰ পুত্ৰ অহজিয়াই চমৰিয়াত ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে। তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
52 তেওঁ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁ নিজ পিতৃ-মাতৃৰ পথত আৰু নবাটৰ পুত্র যাৰবিয়ামে যিদৰে ইস্ৰায়েলক পাপত লিপ্ত কৰাইছিল, সেই পথতে চলিলে।
53 তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ ক্রোধ উত্তেজিত কৰিবলৈ, তেওঁৰ পিতৃৰ সকলো কাৰ্যৰ দৰেই বালক সেৱা কৰিলে, আৰু তাক পূজাও কৰিলে।