Text copied!
Bibles in Assamese

1 ৰাজা 18:39-43 in Assamese

Help us?

1 ৰাজা 18:39-43 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

39 লোক সকলে যেতিয়া এই কাৰ্য দেখিলে, তেতিয়া তেওঁলোকে মাটিলৈ মুখ কৰি পৰি ক’লে, “যিহোৱায়েই ঈশ্বৰ! যিহোৱায়েই ঈশ্বৰ!”
40 তেতিয়া এলিয়াই তেওঁলোকক ক’লে, “তোমালোকে বালৰ ভাববাদীসকলক ধৰা। তেওঁলোকৰ মাজৰ এজনকো পলাই সাৰি যাব নিদিবা।” তেতিয়া তেওঁলোকে ভাববাদীসকলক ধৰিলে আৰু এলিয়াই তেওঁলোকক কীচোন জুৰিলৈ নি, সেই ঠাইত তেওঁলোকক বধ কৰিলে।
41 পাছত এলিয়াই আহাবক ক’লে, উঠা, গৈ ভোজন-পান কৰা; কিয়নো বৰ বৰষুণৰ শব্দ হৈছে।”
42 তেতিয়া আহাবে ভোজন-পান কৰিবলৈ উঠি গ’ল। এলিয়াই কৰ্মিল পৰ্ব্বতৰ টিঙলৈ গৈ মাটিত প্রণিপাত কৰি তেওঁৰ আঠু দুটাৰ মাজত নিজৰ মুখ ৰাখিলে।
43 পাছত তেওঁ নিজৰ দাসক ক’লে, “এতিয়া উঠি গৈ সাগৰৰ ফালে চোৱা।” তাতে তেওঁ উঠি গৈ চাই ক’লে, “তাত একোৱেই নাই।” তেতিয়া এলিয়াই ক’লে, “তুমি আকৌ যোৱা আৰু সাতবাৰ এইদৰে কৰা।”
1 ৰাজা 18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019