Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - ৰোমীয়া - ৰোমীয়া 7

ৰোমীয়া 7:16-25

Help us?
Click on verse(s) to share them!
16কিন্তু মোৰ ইচ্ছাৰ দৰে যদি নকৰোঁ, তেনেহলে বিধান যে উত্তম, ইয়াক স্বীকাৰ কৰোঁ।
17কিন্তু এতিয়া মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে।
18কিয়নো মই জানো যে, মোৰ জীৱনত, অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে৷ ইচ্ছা কৰিবলৈ মই সমৰ্থ, কিন্তু উত্তমতা সাধন কৰিবলৈ হ’লে নোৱাৰো।
19কিয়নো যি উত্তমতালৈ ইচ্ছা হয়, তাক নকৰোঁ; কিন্তু যি মন্দলৈ মোৰ ইচ্ছা নাই, তাকেই কৰোঁ।
20কিন্তু মোৰ ইচ্ছাৰ দৰে যদি মই নকৰোঁ, তেনেহলে মই নহয়, মোৰ জীৱনত নিবাস কৰা পাপেহে তাক সাধন কৰিছে।
21এতেকে বিচাৰি পাইছোঁ যে, যেতিয়া উত্তম কৰ্ম কৰিবলৈ মোৰ ইচ্ছা হয়, তেতিয়া মন্দ মোৰ ওচৰত থাকে, এনে এক ধাৰণা মোৰ হৈছে।
22কিয়নো মই আন্তৰিক পুৰুষৰ দৰে ঈশ্বৰৰ বিধানত সন্তুষ্ট হৈছোঁ;
23কিন্তু মোৰ মনৰ বিধানৰ বিৰুদ্ধে যুদ্ধ কৰা আৰু মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত থকা পাপৰ বিধানৰ অধীনত মোক বন্দী কৰা, এনে আন এক ধাৰণা মোৰ অঙ্গ-প্ৰত্যঙ্গবোৰত দেখো।
24হায়, হায়, মই কেনে দূৰ্ভগীয়া মানুহ! এই মৃত্যুৰ দেহৰ পৰা মোক কোনে নিস্তাৰ কৰিব?
25আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতেকে এহাতে মই আপোন মনেৰে ঈশ্বৰৰ বিধানৰ, কিন্তু আনহাতে মাংসেৰে পাপৰ বিধানৰ সেৱাকৰ্ম কৰোঁ।

Read ৰোমীয়া 7ৰোমীয়া 7
Compare ৰোমীয়া 7:16-25ৰোমীয়া 7:16-25