Text copied!
Bibles in Assamese

ৰোমীয়া 6:10-21 in Assamese

Help us?

ৰোমীয়া 6:10-21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 কাৰণ তেওঁ যি মৃত্যুভোগ কৰিলে, সেয়া পাপৰ উদ্দেশ্যে এবাৰেই ভোগ কৰিলে; কিন্তু তেওঁ যি জীৱন ভোগ কৰিছে, সেই জীৱন ঈশ্বৰৰ উদ্দেশ্যে ভোগ কৰিছে।
11 সেইদৰে আপোনালোকেও নিজক পাপৰ উদ্দেশ্যে মৰা বুলি গণ্য কৰক, কিন্তু ঈশ্বৰৰ উদ্দেশ্যে খ্ৰীষ্ট যীচুত জীয়াই থকা বুলি গণ্য কৰক।
12 এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হ’বলৈ, আপোনালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব৷
13 নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অধাৰ্মিকতাৰ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক।
14 কিয়নো আপোনালোকৰ ওপৰত পাপক প্ৰভুত্ব কৰিবলৈ নিদিব; কাৰণ আপোনালোক বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰহে অধীন হৈ আছে।
15 তেনেহলে কি? আমি বিধানৰ অধীন নহয়, কিন্তু অনুগ্ৰহৰ অধীন হোৱাৰ কাৰণে পাপ কৰিম নে? এনে নহওক।
16 মৃত্যুৰ কাৰণে পাপ নাইবা ধাৰ্মিকতাৰ কাৰণে আজ্ঞা পালন, এই উভয়ৰ মাজত যাৰ ওচৰত আপোনালোকে নিজক আজ্ঞা পালনৰ অৰ্থে দাস স্বৰূপে সমৰ্পণ কৰে, সেইটোৰ আজ্ঞা পালন কৰি যে তাৰ দাস হয়, ইয়াক আপোনালোকে নাজানে নে?
17 কাৰণ আগেয়ে আপোনালোক পাপৰ দাস আছিল, কিন্তু এতিয়া যি আদৰ্শৰ শিক্ষালৈ সমৰ্পিত হ’ল আৰু অন্তৰেৰে সৈতে সেই বিষয় মানিবলৈ যে আপোনালোক আজ্ঞাধীন হ’ল, তাৰ কাৰণে ঈশ্বৰৰ ধন্যবাদ হওক।
18 আপোনালোকক পাপৰ পৰা মুক্ত কৰা হ’ল, এতিয়া আপোনালোক ধাৰ্মিকতাৰ দাস।
19 আপোনালোকৰ মাংসৰ দূৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পুৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্ম অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক।
20 কাৰণ যেতিয়া আপোনালোক পাপৰ দাস আছিল, তেতিয়া ধাৰ্মিকতাৰ সম্বন্ধে স্বাধীন আছিল।
21 তেনেহলে যি যি বিষয়ত এতিয়া আপোনালোকে লাজ পাই আছে, তেতিয়া সেইবোৰত আপোনালোকৰ ফল কি আছিল? কিয়নো সেইবোৰৰ পৰিণাম আছিল মৃত্যু।
ৰোমীয়া 6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019